বিশ্ব ঐতিহ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত (Kaziranga National Park) এতিয়া দেশী-বিদেশী পৰ্যটকৰ ভীৰ (Rush of domestic and foreign tourists)। গভীৰ সেউজ বনাঞ্চল আৰু অপূৰ্ব প্ৰাকৃতিক দৃশ্যৰ নান্দনিক শোভা, গঁড়, হৰিণ আদি জীৱকুলৰ লগতে বিবিধ পৰিভ্ৰমী চৰাইৰ সমাগম আৰু কলৰৱে কাঢ়িছে পৰ্যটকৰ দৃষ্টি, মন। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শনৰ উদ্দেশ্যে দেশী-বিদেশী পৰ্যটকে কাজিৰঙাৰ বিভিন্ন পৰ্যটন নিবাহত বাহৰ পাতি জিপ ছাফাৰি আৰু হাতী চাফাৰিৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিছে।

বিশ্ব বিখ্যাত এশিঙীয়া গঁড় দৰ্শন কৰাৰ ওপৰিও হাতী, বনৰীয়া মʼহ, হৰিণ, ঢেঁকীয়াপতীয়া বাঘ, বিভিন্ন প্ৰজাতিৰ পক্ষী দৰ্শন কৰিবলৈ বছৰি কাজিৰঙালৈ আগমন ঘটে বহুতো দেশী-বিদেশী পৰ্যটকৰ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক ড° সোণালী ঘোষে জনাইছে যে তিনি মাহত (In three months) মুঠ ১,৯৬,৯৭০ (Total 1,96,970)) দেশী-বিদেশী পৰ্যটকে (domestic and foreign tourists) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন (Park Visits) কৰিছে। ইয়াৰে ১,৯০,০৪৭ গৰাকী দেশীয় পৰ্যটক আৰু ৬,৯২৩ গৰাকী বিদেশী পৰ্যটক। আনহাতে জানুৱাৰী মাহত মুঠ ৬৪৮৪৪ গৰাকী দেশী বিদেশী পৰ্যটকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰে, ইয়াৰে ৬২৮৩৮ গৰাকী দেশীয় পৰ্যটক আৰু ২০০৬ গৰাকী বিদেশী পৰ্যটক।