ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাতঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃ মহাবিদ্যালয় ক্ৰিকেট প্ৰতিযোগিতাৰ গোলাঘাট মণ্ডলৰ খেল সমূহ আজিৰে পৰা বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ সৌজন্যত বোকাখাত জিলা ক্ৰীড়া সন্থাৰ খেল পথাৰত অনুষ্ঠিত হৈছে। আজিৰ আৰম্ভণি খেল ঘৰুৱা জে ডি এচ জি মহাবিদ্যালয় বনাম ডি আৰ কলেজ গোলাঘাটৰ মাজত অনুষ্ঠিত হয়।
প্ৰতিযোগিতাৰ আনুষ্ঠানিক ভাৱে মুকলি কৰি খেলুৱৈ সকলৰ সতে শুভেচ্ছা বিনিময় পৰ্বত বোকাখাত মহকুমা স্বাস্থ্য বিষয়া তথা ভেটাৰ্ণ খেলুৱৈ ডাঃ ভাৰত ফুকন, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ক্ৰীড়া বৰ্ডৰ সদস্য সুবোধ বৰা, গোলাঘাট মণ্ডলৰ প্ৰতিযোগিতাৰ পৰ্যবেক্ষক ড° বিজয় শৰ্মা আৰু জে ডি এচ জি মহাবিদ্যালয়ৰ বানিজ্য বিভাগৰ অধ্যাপক মতিৰম দাস।
প্ৰতিযোগিতা খনিত টছত জিকি পোনতে বেটিং কৰি ১৩ অভাৰত সকলো উইকে হেৰুৱাই ৬৫ ৰাণ কৰে । আনহাতে ডি আৰ কলেজে ১৫.১ বলত এটা উইকেট হেৰুৱাই প্ৰয়োজনীয় ৰাণ সংগ্ৰহ কৰি বিজয়ী হয়। ডি আৰ কলেজৰ অৰূপ নায়কে ৩০ টা বলত ৩২ ৰাণ কৰে । ডি আৰ কলেজৰ দ্বীপশেখৰ ৰাজখোৱাই ৪ অভাৰত ১৫ ৰাণ দি ৪টা উইকেট দখল কৰে। খেলৰ আম্পায়াৰ আছিল যোৰহাটৰ দাদুল বৰা আৰু বিজয় দত্ত।













