ৱাটছএপত (Whatsapp) ট্ৰেফিক চালান লাভ কৰি স্তম্ভিত হৈ পৰে এজন যুৱক। ক’ত কেতিয়া যান-বাহন আইন ভংগ কৰিছিল মনত পেলাবলৈ চেষ্টা কৰে। কিন্তু ক’তো তেওঁ যান-বাহন আইন উলংঘা কৰাৰ কথা মনত নপৰে। কিন্তু হঠাৎ কিয় এই চালান আহিল সেই প্ৰশ্নটোৱে তেওঁৰ মনত সন্দেহৰ সৃষ্টি কৰে।

কৌতুহলবশত তেওঁ ট্ৰেফিক চালান ফাইলটোত ক্লিক কৰে। কিন্তু কেইমিনিটমান পিছত যুৱকজনৰ একাউণ্টৰ পৰা ৭০ হাজাৰ টকা উলিওৱা বুলি মেছেজ আহে। ইফালে এই বৃহৎ পৰিমাণৰ ধন হেৰুৱাই যুৱকজন দিশহাৰা হৈ পৰি অৱশেষত আৰক্ষীৰ কাষ চাপে। বাংগালুৰুত সংঘটিত হৈছে এই ঘটনা।
এই কেলেংকাৰীৰ বলি হয় দক্ষিণ-পূব বাংগালুৰুৰ চিংচন্দ্ৰৰ বাসিন্দা হৰি কাছনান। হৰিয়ে আৰক্ষীক জনোৱা মতে, ৱাটছএপত অচিনাকি নম্বৰৰ পৰা এই মেছেজ আহিছিল। বাৰ্তাটো আহে ৮৩১৮৭৩২৯৫০ নম্বৰৰ পৰা। তাত লিখা আছিল, “আপুনি যান-বাহন আইন উলংঘা কৰিছে। আপোনাৰ বাহনৰ চালান নম্বৰ হৈছে KA46894230933070073।”
যুৱকজনে জনায় যে উক্ত মেছেজৰ লগত এটা ফাইল সংলগ্ন হৈ আছিল। তাত লগতে কোৱা হয় যে চালান পৰিশোধ কৰিবলৈ বাহন পৰিবহণ এপটো ডাউনলোড কৰিব লাগিব। তাৰ লগত পঠোৱা লিংকটোত ক্লিক কৰি সেই এপটো ডাউনলোড কৰিব লাগিব।
কৌতুহলৰ বাবে যুৱকজনে সেই লিংকটোত ক্লিক কৰি এপটো ডাউনলোড কৰাত এটা অ’টিপি আহে। ইয়াৰ পিছতে ফোনটো হেক কৰি সকলো তথ্য লৈ একাউণ্টৰ পৰা ৭০ হাজাৰ টকা উলিয়াই নিয়ে।