শণিবাৰে পুৱা ১১ বজাৰ পৰা দিনযোৰা কাৰ্যসূচীৰে মাঞ্জাৰ লাংৱকু জলপ্ৰপাত স্থলীত কাৰ্বি আংলং জিলা বিজেপিৰ সক্ৰিয় সদস্যৰ সন্মিলন অনুষ্ঠিত হয় ৷ সন্মিলনৰ সমান্তৰালভাৱে আজিৰ দিনটো মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ জন্মদিন আৰু কাৰ্বি নৱবৰ্ষ পালন কৰি বনভোজৰো আয়োজন কৰে জিলা বিজেপিয়ে।

মাঞ্জাৰ লাংৱকুত আয়োজিত এদিনীয়া সন্মিলনখনত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ উপৰি পূব আৰু পশ্চিম কাৰ্বি আংলঙৰ আটাইকেইটা বিধানসভা সমষ্টিৰ ৫ হাজাৰ সক্ৰিয় সদস্যই এই সন্মিলনত অংশ লয়। সদস্যসকলক এই সন্মিলনত সম্বৰ্ধনা জনোৱা হয়।অনুষ্ঠিত সন্মিলনত দলীয় ভেঁটি শক্তিশালী কৰাৰ লগতে চৰকাৰে গ্ৰহণ কৰা উন্নয়নমূলক আচঁনিসমূহৰ সঠিক ৰূপায়ন সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়।