দেওবাৰে দিনৰ প্ৰায় ২ বজাত ডিফুস্থিত জিলা প্ৰেছ ক্লাৱত এক সংবাদমেলৰ আয়োজন কৰে কেএছএ, কেএছৱাইচি, জাকাচকে ধৰি কেইবাটাও দল সংগঠনে ৷ সংবাদমেল সম্বোধন কৰি হাওৰাঘাটৰ বিধায়ক দৰছিং ৰংহাঙৰ বিৰুদ্ধে সংগঠন সমূহৰ নেতা সকলে তীব্ৰ ক্ষোভ উজাৰে ৷ সংগঠন কেইটাৰ নেতা সকলে অভিযোগ কৰা অনুসৰি বিধায়ক গৰাকীয়ে কালি ৰাজহুৱা সভাত সংগঠন কেইটাক দুটা অসাংবিধানিক শব্দৰে তাচ্ছিল্য মন্তব্য কৰিছিল ৷

এটা ‘পাগলা’ আনটো কাৰ্বি সমাজত একেবাৰে বেয়া অৰ্থত ব্যৱহাৰ কৰা শব্দৰে কৰিছিল তাচ্ছিল্য কৰা বুলি অভিযোগ উত্থাপন কৰে বিধায়ক গৰাকীৰ বিৰুদ্ধে ৷ তাকে লৈ ডিফুত সংবাদ মেলত সংগঠন কেইটাই বিধায়ক দৰছিং ৰংহাঙক তীব্ৰ ভাষাৰে গৰিহনা দিয়ে ৷ লগতে বিধায়ক দৰছিং ৰংহাঙক ৰাজহুৱাভাৱে ক্ষমা খোজাৰো দাবী জনায় সংগঠন কেইটাই ৷
অন্যথা দৰছিং ৰংহাঙৰ বিৰুদ্ধে থকা অভিযোগসমূহ ৰাজহুৱা কৰাৰ হুংকাৰ দিলে সংগঠন কেইটাই ৷ উল্লেখযোগ্য যে কাৰ্বি আংলঙৰ পিজিআৰ- ভিজিআৰ বেদখলমুক্ত কৰাৰ দাবীত ধৰ্ণা কাৰ্যসূচী গ্ৰহন কৰি আহিছে সংগঠন কেইটাই ৷ ২ জানুৱাৰীত পিজিআৰ- ভিজিআৰ উচ্ছেদৰ দাবীত সংগঠন কেইটাই ৰাজহুৱা মুণ্ডন কাৰ্যসূচী গ্ৰহণ কৰিছিল৷ তাকে লৈ MLAগৰাকীয়ে সংগঠন কেইটাক এনে অসাংবিধানিক শব্দৰে আক্ৰমণ কৰাৰ অভিযোগ তোলে সংগঠন কেইটাৰ নেতৃ বৰ্গই ৷