দেওবাৰে পুৱা পুৱা প্ৰায় চাৰে এঘাৰ বজাত তাৰালাংচৰ সাংস্কৃতিক প্ৰকল্পৰ চৌহদত কাৰবি ফিল্ম ছচাইটি চমুকৈ কেএফএছৰ নৱ নিৰ্মিত কাৰ্যালয় ভৱনৰ শুভ উদ্ধোধন কৰে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙে ৷ প্ৰাক্তন সাংসদ হৰেণছিং বে’ৰ সাংসদ উন্নয়ন পূঁজীৰ অধীনত নিৰ্মান হোৱা ভৱনটোৰ উদ্ধোধনী কাৰ্যসূচীত উপস্থিত থাকি নিজকে সৌভাগ্যৱান বুলি কয় প্ৰাক্তন সাংসদ হৰেণছিং বে’ই ৷

কাৰবি ফিল্ম ছচাইটিৰ তৰফৰ পৰা স্মাৰকপত্ৰ যোগে কেএফচিৰ বাবে এটি অতিৰিক্ত ভৱন, ড্ৰেইনৰ সুবিধাকে ধৰি অন্যান্য সুবিধা চিইএম তুলিৰাম ৰংহাঙে প্ৰদান কৰিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰতিশ্ৰুতি প্ৰদান কৰে তুলিৰাম ৰংহাঙে ৷ আজিৰ কাৰ্যালয় গৃহ উদ্ধোধনী অনুষ্ঠৈন সাংসদ অমৰচিং তিচো, বিধায়কদ্বয় বিদ্যাছিং ইংলেং, দৰছিং ৰংহাঙ, কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’কে প্ৰমুখ্য কৰি কেইবাগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে ৷