
অসম চৰকাৰৰ (Assam Govt.) এডভাণ্টেজ অসম ২.০ (Advantage Assam 2.0) বিনিয়োগ সন্মিলনৰ (Investment Summit) বাবে তৎপৰ হৈ পৰিছে মুখ্যমন্ত্ৰী। ইতিমধ্যে মুম্বাই আৰু দিল্লীত বিভিন্ন দেশীয় উদ্যোগ গোষ্ঠীক আকৰ্ষণৰ পিছত এইবাৰ বিদেশলৈ যোৱাৰ পৰিকল্পনা কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। অসমৰ প্ৰতি বিদেশী বিনিয়োগকাৰীক আকৰ্ষিত কৰাৰ লক্ষ্য আৰু এডভাণ্টেজ অসমৰ প্ৰচাৰৰ বাবে মুখ্যমন্ত্রীয়ে কেইবাখনো ৰাষ্ট্ৰ ভ্ৰমণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। এই উদ্দেশ্যে তেওঁ অহা ১৯ জানুৱাৰীৰ পৰা ২৫ জানুৱাৰীলৈ দক্ষিণ কোৰিয়া আৰু জাপান ভ্ৰমণলৈ ৰাওনা হ’ব।

অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ জাননী অনুসৰি, মুখ্যমন্ত্ৰীৰ সৈতে এই ভ্ৰমণলৈ যাব বিধায়ক বলীন চেতিয়া, পৰ্যটন বিভাগৰ অতিৰিক্ত মুখ্য সচিব ডঃ জে বি এক্কা, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব ডঃ কে কে দ্বিবেদী, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ অতিৰিক্ত সচিব ডঃ পি উদয় প্রবীণ, মুখ্যমন্ত্ৰীৰ প্রধান ব্যক্তিগত সচিব প্রশান্ত প্রতীম কাঠকটীয়া, মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষী অধীক্ষক গুণেন্দ্ৰ ডেকা আৰু মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সহায়কাৰী সঞ্জীৱ ঘোষ। ইয়াৰ উপৰি ফিকিৰ এটা জ্যেষ্ঠ প্রতিনিধি দলো থাকিব। এই ভ্ৰমণ সামৰি তেওঁ প্ৰতিনিধি দলটোৰ সৈতে অহা ফেব্ৰুৱাৰীত ছিংগাপুৰলৈ যাব। তাত তেওঁ ১৩ ফেব্ৰুৱাৰীলৈ থাকিব। উল্লেখ্য যে ২০১৮ চনৰ পিছত অহা ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে এডভাণ্টেজ অসমৰ দ্বিতীয় সংস্কৰণ আয়োজন কৰা হৈছে।













