
কৰ্ণাটকৰ বাসবৰাজেশ্বৰী য়াৰ্ণাল নামৰ এগৰাকী মহিলাৰ ক্ষেত্ৰত ঘটিছে এক ভয়ানক ঘটনা। তেওঁ কল্পনাও কৰিব পৰা নাছিল যে চুলি শুকোৱা হেয়াৰ ড্ৰায়াৰৰ (Hair Dryer) পৰা এনে ঘটনা ঘটিব পাৰে।

চুবুৰীয়া শশীকলা নামৰ এজন ব্যক্তিৰ বাবে অহা পাৰ্চেলৰ বাকচটো খুলিয়েই বিপদ হয় তেওঁৰ। শশীকলাৰ অনুৰোধত তেওঁ বাকচটো খুলি ড্ৰায়াৰটো উলিয়াই বিদ্যুত সংযোগ কৰাত এটা প্ৰচণ্ড শব্দ হৈ বিস্ফোৰণ ঘটে।
এই ঘটনাত য়াৰ্ণালৰ আঙুলি আৰু হাতৰ তলুৱা ছিন্ন-ভিন্ন হৈ যায়। বৰ্তমান তেওঁ চিকিৎসালয়ত ভৰ্তি হৈ আছে। প্ৰাথমিকভাৱে জানিব পৰা মতে, বিস্ফোৰণটো এটা শ্বৰ্ট চাৰ্কিটৰ ফলত হৈছিল। আৰক্ষীয়ে এই ঘটনাটোৰ আঁৰত কিবা ষড়যন্ত্ৰ আছে নেকি সেয়াও অনুসন্ধান কৰি আছে।
আৰক্ষীয়ে জনোৱা অনুসৰি, ঘটনাটো ১৫ নৱেম্বৰত সংঘটিত হয়। বাগালকোটৰ আৰক্ষী অধীক্ষক অমৰনাথ ৰেড্ডীয়ে কয় যে শশীকলাই য়াৰ্ণালক কৈছিল যে তেওঁ চহৰৰ বাহিৰত আছে।
সেয়ে তেওঁৰ হৈ কুৰিয়াৰ কাৰ্যালয়ৰ পৰা এটা পাৰ্চেল আনিব লাগিব। শশীকলাৰ নিৰ্দেশনা অনুসৰি য়াৰ্ণালে পাৰ্চেলটো আনে। তাৰ পিছত তেওঁ বাকচটো খুলি হেয়াৰ ড্ৰায়াৰটো উলিয়াই যেতিয়া ইয়াক চলাবলৈ লয়, তেতিয়াই এই ঘটনা সংঘটিত হয়।
ইফালে তীব্ৰ শব্দ শুনি চুবুৰীয়াসকলে য়াৰ্ণালৰ ঘৰলৈ দৌৰি আহে। তেওঁক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আৰক্ষী অধীক্ষক ৰেড্ডীয়ে কয় যে প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছে যে বিস্ফোৰণটো শ্বৰ্ট চাৰ্কিটৰ ফলত হৈছিল। ড্ৰায়াৰটো বিশাখাপত্তনমস্থিত কোম্পানী এটাৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে।
আৰক্ষীৰ এটা সূত্ৰই জনায় যে শশীকলাৰ য়াৰ্ণালৰ সৈতে শত্ৰুতা থাকিব পাৰে। সেয়ে হয়তো তেওঁৰ ওপৰত প্ৰতিশোধ ল’ব পাৰে। য়াৰ্ণালৰ স্বামী পাপান্না য়াৰ্ণাল সেনাবাহিনীত আছিল। ২০১৭ চনত জম্মু-কাশ্মীৰত তেওঁৰ মৃত্যু হয়।












