
আদানি গ্ৰুপৰ (Adani Group) মুৰব্বী গৌতম আদানি আৰু অন্য সাতজনৰ বিৰুদ্ধে আমেৰিকা চৰকাৰক উৎকোচ দিয়াৰ অভিযোগ উত্থাপিত হৈছে। তেওঁৰ বিৰুদ্ধে ২,২৫০ কোটি টকাৰ উৎকোচ আৰু প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপিত হৈছে।

উৎকোচৰ পিছত আদানি গ্ৰুপৰ সহায়ক কোম্পানীবোৰে ৬০০ নিযুত ডলাৰ মূল্যৰ আমেৰিকাৰ বণ্ড স্থগিত ৰাখিছে। ইফালে আদানি গ্ৰীণ এনাৰ্জীয়ে ষ্টক এক্সচেঞ্জত এটা ৰেগুলেটৰী ফাইলিঙত এটা বিবৃতি দিছে।
সংস্থাটোৰ বিবৃতিত কোৱা হৈছে যে আমেৰিকাৰ ন্যায় বিভাগ আৰু আমেৰিকাৰ ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিছনে আদানি গ্ৰুপৰ বোৰ্ড সদস্য গৌতম আদানি আৰু সাগৰ আদানিৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে যাৰ বাবে আদানি গ্ৰীণ এনাৰ্জীৰ পক্ষৰ পৰা আমেৰিকান ডলাৰৰ বণ্ড জাৰি কৰা নহ’ব।
তেওঁলোকৰ বিৰুদ্ধে নিউয়ৰ্কৰ পূব শাখাত অপৰাধমূলক কাৰ্যকলাপৰ অভিযোগ উত্থাপন কৰা হৈছে। আদানি গ্ৰীণ এনাৰ্জী লিমিটেডে কৈছে যে উৎকোচৰ অভিযোগৰ পিছত ই জাৰি কৰিবলগা আমেৰিকান ডলাৰৰ বণ্ড বাতিল কৰিছে।
বৃহস্পতিবাৰে আদানিৰ গ্ৰুপৰ পৰা কয় যে উৎকোচ আৰু দুৰ্নীতিৰ অভিযোগ “ভিত্তিহীন”। সংস্থাটোৱে অভিযোগবোৰ অস্বীকাৰ কৰিছে। সংস্থাটোৱে বৃহস্পতিবাৰে এটা বিবৃতিত নিজৰ স্থিতি স্পষ্ট কৰিছে।
লগতে সংস্থাটোৰ পক্ষৰ পৰা জনোৱা হৈছে,”আদানি গ্ৰুপে সদায় অনুশাসন আৰু স্বচ্ছতা বজাই ৰাখিছে। সংস্থাটো শাসন, স্বচ্ছতা আৰু নিয়ামক অনুপালনৰ সৰ্বোচ্চ মানদণ্ড বজাই ৰাখিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। সকলো অংশীদাৰ, সহযোগী আৰু কৰ্মচাৰীক জনোৱা হৈছে যে সংস্থাটোৱে আইন অনুসৰি সম্পূৰ্ণৰূপে কাম কৰে আৰু আদানি গ্ৰুপ আইনবিৰোধী কোনো কাৰ্যকলাপত জড়িত নহয়। “
ইফালে আদানি বিষয়ত কংগ্ৰেছ নেতা তথা সাংসদ ৰাহুল গান্ধীয়ে গৌতম আদানিক গ্ৰেপ্তাৰ কৰিবলৈ আৰু তেওঁৰ ‘ৰক্ষক’ মাধৱী পুৰী বুচক জেৰা কৰিবলৈ দাবী জনায়।
ৰাহুল গান্ধীৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিজেপিৰ মুখপাত্ৰ সম্বিত পাত্ৰই কয়, “২০০২ চনৰ পৰা ৰাহুল গান্ধী, ছোনিয়া গান্ধী, কংগ্ৰেছে মোডীৰ ভাবমূৰ্তি কলুষিত কৰিবলৈ চেষ্টা কৰি আহিছে, কিন্তু তেওঁলোক সফল হোৱা নাই।
যদি আদানি গ্ৰুপ দুৰ্নীতিগ্ৰস্ত হয়, তেনেহ’লে কংগ্ৰেছে সংস্থাটোৰ পৰা বিনিয়োগ কিয় বিচাৰিছে? একে সময়তে সম্বিত পাত্ৰই সংবাদ মাধ্যমৰ সৈতে ৰাহুল গান্ধীৰ বাৰ্তালাপক লৈও সমালোচনা কৰে। আদানিৰ ক্ষেত্ৰতো আইনখন আইন হিচাপেই চলিব বুলিও তেওঁ কয়।













