ওড়িশাত এগৰাকী আদিবাসী (Tribal Woman Assault) যুৱতীক নিৰ্মম অত্যাচাৰ। কেৱল শাৰীৰিক অত্যাচাৰেই নহয়, মানুহৰ বিষ্ঠাও খাবলৈ বাধ্য কৰায়। আদিবাসী যুৱতীগৰাকীয়ে আৰক্ষী চকীলৈ গৈ গাঁওখনৰ এজন যুৱকৰ বিৰুদ্ধে এই অভিযোগ দাখিল কৰে।

ইফালে ঘটনাটোৰ পিছৰে পৰা অভিযুক্ত পলাতক। আৰক্ষীয়ে অনুসন্ধান অভিযান চলি আছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ঘটনাটো ১৬ নৱেম্বৰত সংঘটিত হয়। ওড়িশাৰ বোলাংগীৰ জিলাত এগৰাকী ২০ বছৰীয়া আদিবাসী যুৱতীক এজন ব্যক্তিয়ে মানুহৰ মল-মূত্ৰ মুখত গুজি দি হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হৈছে।
যুৱতীগৰাকীয়ে আৰক্ষীক কয় যে তেওঁ আবেলি জুৰাবন্ধা গাঁৱৰ পথাৰত কাম কৰি আছিল। হঠাতে অভিযুক্তজনে ট্ৰেক্টৰখন তেওঁৰ খেতিপথাৰৰ ওপৰত চলাই দিয়ে। ফলস্বৰূপে বহুতো শস্য নষ্ট হয়।
যুৱতীগৰাকীয়ে অভিযোগ কৰে যে তেওঁ যুৱকজনৰ এই কাণ্ডৰ প্ৰতিবাদ কৰাত যুৱকজনে তেওঁক প্ৰহাৰ কৰে। তেওঁ আনকি অকথ্যভাৱে গালি-গালাজো কৰে।
চিঞৰ শুনি যুৱতীগৰাকীৰ এজন আত্মীয় পথাৰলৈ দৌৰি যায় যুৱতীগৰাকীক বচাবলৈ চেষ্টা কৰাত অভিযুক্তই আত্মীয়জনকো আক্ৰমণ কৰে। সেই সময়তে তেওঁ যুৱতীগৰাকীৰ মুখত মানুহৰ মল সানি দিয়ে।
প্ৰথমতে, আৰক্ষীয়ে তদন্তটো গুৰুত্বসহকাৰে লোৱা নাছিল বুলি আদিবালী লোকসকলে অভিযোগ কৰে।
ঘটনাটোৰ পিছৰে পৰা অভিযুক্তজন পলাতক হৈ আছে। আৰক্ষীয়ে তেওঁক বিচাৰি উলিয়াবলৈ আন ৰাজ্যতো তালাচী অভিযান চলাই আছে। দুটা বিশেষ দল গঠন কৰা হৈছে আৰু অনুসন্ধান অভিযান চলি আছে। ঘটনাটোৰ তদন্ত চলি আছে।














