
গণ আন্দোলনৰ বাবে শ্বেখ হাছিনাৰ চৰকাৰৰ পতন হ’লেও বাংলাদেশত গণতন্ত্ৰ (Democracy in Bangladesh) ঘূৰি আহিবলৈ আৰু ডেৰ বছৰত (a year and a half)কৈও অধিক সময় লাগিব। মহম্মদ ইউনুছৰ (Mohammad Yunus) নেতৃত্বত গঠিত অন্তৱৰ্তীকালীন চৰকাৰৰ উপদেষ্টা ব্ৰিগেডিয়াৰ জেনেৰেল (অৱসৰপ্ৰাপ্ত) এম শ্বেখাৱত হোছেইনে (M Shekhawat Hossain) এই কথা কয়।
বাংলাদেশৰ সংবাদ মাধ্যম “প্ৰথম আলো”ত প্ৰকাশিত বাতৰি অনুসৰি, লণ্ডনৰ ব্ৰিটিছ সংসদৰ “হাউছ অৱ লৰ্ডছ”ত মানৱ অধিকাৰ সংগঠন “ভইচ ফৰ বাংলাদেশ”ৰ উদ্যোগত আয়োজিত আলোচনা বৈঠকত শ্বেখাৱতে কয়, “২০২৬ চনৰ মাজভাগত ত্ৰয়োদশ ৰাষ্ট্ৰীয় সংসদৰ অনুষ্ঠিত হ’ব পাৰে।”

উল্লেখ্য যে যোৱা আগষ্ট মাহত বাংলাদেশত অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টাৰ দায়িত্ব লোৱাৰ পিছত ইউনুছে কৈছিল যে অতি সোনকালে ৰাষ্ট্ৰীয় সংসদৰ নিৰ্বাচন আয়োজন কৰা হ’ব। ইয়াৰ পিছত অক্টোবৰ মাহত অন্তৱৰ্তীকালীন চৰকাৰৰ আইনী উপদেষ্টা আছিফ নাজৰুলে ২০২৫ চনত নিৰ্বাচন অনুষ্ঠিত কৰাটো সম্ভৱ বুলি কৈছিল। কিন্তু এইবাৰ জাহাজ, শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ ইউনুছৰ ঘনিষ্ঠ উপদেষ্টাৰ মন্তব্যই প্ৰতিশ্ৰুতি পালন কৰাৰ সদিচ্ছাক লৈ প্ৰশ্ন উত্থাপন কৰিছে।
আছিফৰ বুজনি— নিৰ্বাচনৰ বহু পৰ্যায় আছে। নতুন নিৰ্বাচন আয়োগৰ বাবে প্ৰয়োজন এখন অনুসন্ধান সমিতিৰ। ভোটাৰ তালিকা সংশোধন কৰাটো প্ৰয়োজনীয়। তদানীন্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ চৰকাৰে আয়োজন কৰা নিৰ্বাচনত ভোটাৰ তালিকাত অমিলৰ অভিযোগৰ বাবে চলিত বৰ্ষৰ আৰম্ভণিতে যি অস্থিৰতাৰ সৃষ্টি হৈছিল সেই বিষয়েও তেওঁ সোঁৱৰাই দিয়ে। কিন্তু প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ দল বিএনপিয়ে তেওঁৰ মন্তব্যক সমালোচনা কৰি শীঘ্ৰে নিৰ্বাচন আয়োজন কৰাৰ বাবে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।
ইয়াৰ পাছতে ইউনুছ চৰকাৰে ৩০ অক্টোবৰত ছয়জনীয়া অনুসন্ধান সমিতি গঠন কৰি ‘যোগ্য ব্যক্তি নিৰ্বাচন’ কৰি নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে নতুনকৈ নিৰ্বাচনী আয়োগ গঠন কৰে। চৰকাৰৰ মতে, ছয়জনীয়া অনুসন্ধান সমিতিখনে নতুন মুখ্য নিৰ্বাচন আয়ুক্ত আৰু অন্যান্য নিৰ্বাচন আয়ুক্ত নিযুক্তিৰ বাবে প্ৰতিটো পদৰ বাবে দুজন ব্যক্তিৰ নাম পৰামৰ্শ দিব। তাৰে এজনৰ নাম ৰখা হ’ব। কিন্তু তাৰ পিছতো ইতিমধ্যে প্ৰশ্ন উত্থাপন হৈছে যে নতুন নিৰ্বাচন আয়োগৰ নিৰ্বাচন আয়োজন কৰিবলৈ ডেৰ বছৰ কিয় লাগিব।










