
টোপনিতে ধৰ্ষণ (Rape) ! কিন্তু ধৰ্ষণ হোৱা বুলি ধৰিবই নোৱাৰিলে ভুক্তভোগীয়ে। বন্ধুৰ দ্বাৰা পত্নীক ধৰ্ষণ কৰালে নিজৰ স্বামীয়ে। লগতে ধৰ্ষণ কাণ্ডৰ ভিডিঅ’ও ৰেকৰ্ডিং কৰে। ইয়াৰ পিছত ভিডিঅ’ দেখুৱাই পিছত পত্নীক ভাবুকি প্ৰদান! এই ভয়ংকৰ ঘটনা শুনি স্তম্ভিত হৈ পৰে আৰক্ষী।

অৱশ্যে মহিলাগৰাকীৰ এজাহাৰত স্বামী আৰু তেওঁৰ বন্ধুক গ্ৰেপ্তাৰ কৰা হয়।
সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, এই ঘটনা সংঘটিত হৈছে আগ্ৰাত। নিৰ্যাতিতাই সীতা নগৰ অঞ্চলত শ্ৰমিক হিচাপে কাম কৰে। তেওঁৰ ১২ বছৰীয়া এটা সন্তান আছে।
থানালৈ গৈ ভুক্তভোগীয়ে কয় যে ছেপ্টেম্বৰ মাহত স্বামীৰ এগৰাকী বন্ধুৱে ঘৰত প্ৰৱেশ কৰি তেওঁক ধৰ্ষণ কৰে। সেই সময়ত তেওঁ শুই আছিল। ধৰ্ষণৰ ঘটনাটো একেবাৰেই ধৰিব পৰা নাছিল।
মহিলাগৰাকীৰ বক্তব্য অনুসৰি, ঘটনাৰ দিনা স্বামীয়ে হঠাতে বন্ধু এজনক লৈ আহিছিল। বাহিৰৰ পৰা খাদ্য আনি তিনিওজনে একেলগে সেই খাদ্য খাইছিল।
ইয়াৰ পিছত মহিলাগৰাকীয়ে পুত্ৰৰ সৈতে টোপনি যায়। পুৱা সাৰ পাই গিৰিয়েকে ১৫০০ টকা বিচাৰে। তেওঁ লগে লগে দিয়ে। কিছু সময়ৰ পাছত স্বামীয়ে পত্নীৰ পৰা আৰু দুই লাখ টকা দাবী কৰে। লগতে এই ধন নিদিলে তেওঁৰ ধৰ্ষণৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হ’ব বুলিও হুংকাৰ দিয়ে। কিন্তু তেতিয়াও ভুক্তভোগীয়ে কথাটো বুজি পোৱা নাছিল।
তাৰ পিছত স্বামীয়ে ভিডিঅ’টো দেখুৱয়। মহিলাগৰাকীয়ে প্ৰত্যক্ষ কৰে যে তেওঁ শুই থকা অৱস্থাত স্বামীৰ বন্ধুৱে তেওঁক ধৰ্ষণ কৰিছিল। অভিযোগ অনুসৰি, খাদ্যত নিচাযুক্ত দ্ৰব্য মিহলাই তেওঁক অচেতন কৰি ধৰ্ষণ কৰিছিল। এই অভিযোগৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।













