
বহু ৰাজ্যত বিয়াত ধন (Notes in marriage) বিলোৱাৰ প্ৰৱণতা দেখা যায়। কিছুমানে নৃত্যৰ অনুষ্ঠানত বা আন কিছুমানে আকৌ বেণ্ডপাৰ্টীৰ প্ৰদৰ্শনত সুখী হৈ নোট বিলায়। কিন্তু কেতিয়াবা বিয়াত টকাৰ বৰষুণৰ কথা শুনিছেনে, তাতে আকৌ লাখ হিচাপত। শেহতীয়াকৈ এনে ধৰণৰ এটা ভিডিও ভাইৰেল হৈছে আৰু এই ঘটনাত নেটিজেনসকল হতবাক হৈ পৰিছে।

ঘটনাটো ঘটে উত্তৰ প্ৰদেশৰ সিদ্ধাৰ্থ নগৰ জিলাত। অঞ্চলটোত এখন বিবাহ অনুষ্ঠানত ২০ লাখ টকা ছটিয়াই দিয়া হৈছিল।
প্ৰায় এঘণ্টা ধৰি ১০০, ২০০ আৰু ৫০০ টকাৰ নোট বতাহত উৰি আছিল। ঘটনাটো দৰাৰ আত্মীয়সকলে সংঘটিত কৰিছিল। আনহাতে, বিবাহ অনুষ্ঠানত বিলোৱা লাখ লাখ টকা সংগ্ৰহ কৰে উপস্থিত লোকসকলে।
আনহাতে, কইনাৰ আত্মীয়সকলেও দৰাপক্ষৰ এই কাণ্ডত হতবাক হৈ পৰে।
এজন মানুহে এখন বিয়াত লাখ টকা দলিয়াই দিয়াৰ ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে। লাখ লাখ মানুহে এই ভিডিও চাইছে।
ভাইৰেল ভিডিঅ’টোত কোনোবাই ঘৰৰ ছাদত উঠি, কোনোবাই আকৌ জেচিবিৰ ওপৰত উঠি টকা দলিয়াই থকা দেখা গৈছে। ওপৰৰ পৰা নোটবোৰ মাটিত সৰি পৰি আছে। দৰাৰ আত্মীয়সকলে বিয়াখনত এনেদৰে ২০ লাখ টকা খৰচ কৰা বুলি জানিব পৰা গৈছে।
অৱশ্যে এই ভাইৰেল ভিডিঅ’টোক লৈ নেটিজেনসকলৰ মাজত তীব্ৰ অসন্তুষ্টিয়ে দেখা দিয়ে। এনেদৰে ধন অপচয় কৰাৰ পৰিৱৰ্তে সকলোৱে ইয়াক দৰিদ্ৰ লোকসকলৰ মাজত বিতৰণ কৰাৰ পক্ষপাতী।
কিছুমানৰ মতে, কোনো বেচৰকাৰী সংগঠনক আৰ্থিক সাহায্যও দিব পাৰে। এনেদৰে কেৱল উপভোগৰ বাবেই লাখ লাখ টকা অপচয় কৰাৰ কোনো কাৰণ নাই বুলি সকলোৰে মন্তব্য।













