দিল্লীৰ প্ৰদূষণৰ (Delhi Pollution) মাত্ৰা সৰ্বকালৰ উচ্চতম স্তৰত উপনীত হৈছে। কেইবা ঠাইতো বায়ুৰ গুণমান স্তৰ ৫০০ অতিক্ৰম (Air quality level 500 exceeds) কৰিছে। এনে পৰিস্থিতিত দিল্লী চৰকাৰে ৰাজধানীৰ ৫০ শতাংশ চৰকাৰী কৰ্মচাৰীক (Government employees) ঘৰৰ পৰাই কাম (Instructions Work from home) কৰিবলৈ নিৰ্দেশ দিছে। বুধবাৰৰ পৰা কাৰ্যকৰী হয় এই নিৰ্দেশ।
বুধবাৰে পুৱা দিল্লীৰ পৰিৱেশ মন্ত্ৰী গোপাল ৰায়ে কয়, “প্ৰদূষণ হ্ৰাস কৰিবলৈ ৫০ শতাংশ চৰকাৰী কৰ্মচাৰী (50% Government employees)ক ঘৰৰ পৰাই কাম কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। এই পৰিকল্পনা ক্ষিপ্ৰ ৰূপায়ণৰ বাবে বুধবাৰে দিনৰ ১ বজাত শীৰ্ষ বিষয়াসকলৰ সৈতে এখন বৈঠক অনুষ্ঠিত হ’ব।”

উল্লেখ্য যে গোপাল ৰায়ে ৰাজধানীত কৃত্ৰিম বৰষুণ বিচাৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ পত্ৰ লিখিছিল। কিন্তু প্ৰধানমন্ত্ৰীয়ে কি উত্তৰ দিয়ে তাৰ অপেক্ষাত আছে। ইফালে প্ৰদূষণৰ বাবে দিল্লীৰ সকলো বিদ্যালয়তে অনলাইন পাঠদান আৰম্ভ হৈছে। দিল্লী বিশ্ববিদ্যালয়ৰ অধীনস্থ মহাবিদ্যালয়সমূহেও এতিয়া অনলাইন ক্লাছ অনুষ্ঠিত কৰিব। জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়তো অনলাইন ক্লাছ অনুষ্ঠিত হ’ব। দৃশ্যমানতা কম হোৱাৰ বাবে বাতিল কৰা হৈছে কেইবাখনো ৰে’ল। বিমান সেৱাও আংশিকভাৱে ব্যাহত হৈ পৰে।
অৱশ্যে বুধবাৰে দিল্লীৰ বায়ুৰ গুণমান কিছু হ্ৰাস পাইছে। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ তথ্য অনুসৰি, বুধবাৰে পুৱা ৰাজধানীৰ বায়ুৰ গুণমান ৪২২। কিন্তু বুধবাৰে পুৱাৰে পৰা দিল্লী আৰু দাঁতিকাষৰীয়া অঞ্চলত প্ৰচণ্ড ধোঁৱাৰ প্ৰকোপ অব্যাহত আছে। দৃশ্যমানতাও যথেষ্ট কম। ইতিমধ্যে দিল্লীত প্ৰদূষণ মোকাবিলা কৰিবলৈ প্ৰশাসনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে।