
দেশৰ দুখন ৰাজ্যত বিধানসভা নিৰ্বাচনৰ আজি ভোটদান চলি আছে। ৰাজ্য দুখন হৈছে মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড (Maharastra & Jharkhand) । মহাৰাষ্ট্ৰত এটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ বিপৰীতে ঝাৰখণ্ডত অন্তিম পৰ্য্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈছে। আনহাতে, অহা শনিবাৰে হ’ব ভোটগণনা।

বুধবাৰে মহাৰাষ্ট্ৰৰ ২৮৮টা সমষ্টিত চলি আছে ভোটগ্ৰহণ। সমান্তৰালভাৱে ঝাৰখণ্ডৰ ৮১টা বিধানসভা সমষ্টিৰ ভিতৰত ৩৮টাত দ্বিতীয় আৰু অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ চলি আছে। ১৩ নৱেম্বৰত ৰাজ্যখনৰ ৪৩টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হয়।
এইবাৰ মহাৰাষ্ট্ৰৰ ৪১৩৬ জন প্ৰাৰ্থীৰ জয় বা পৰাজয়ৰ সিদ্ধান্ত ল’ব ৯.৭ কোটিতকৈ অধিক ভোটাৰে। মাৰাঠাভূমিৰ মূল যুঁজখন বিজেপি-শিৱসেনা (একনাথ শিন্দে)-এনচিপি (অজিত)ৰ মিত্ৰজোঁট ‘মহাজুতি’ আৰু কংগ্ৰেছ-শিৱসেনা (ইউবিটি)-এনচিপি (শাৰদ) ‘মহাবিকাশ আঘাৰি’ৰ মাজত।
ইয়াৰ উপৰি কেইবাটাও আঞ্চলিক দলো নিৰ্বাচনী যুঁজত নামি পৰিছে। এই নিৰ্বাচনত দুয়োটা শিবিৰৰ মাজত তুমুল যুঁজ হ’ব বুলি আশা কৰা হৈছে। সেয়ে এই আঞ্চলিক দলসমূহ মহাৰাষ্ট্ৰৰ ভোটত এক ডাঙৰ ‘কাৰক’ হ’ব পাৰে। আনহাতে ঝাৰখণ্ডতো ‘ইণ্ডিয়া’ আৰু ‘এন ডি এ’ৰ মাজত ক্ষমতাৰ যুঁজ চলি আছে৷
২০১৯ৰ বিধানসভা নিৰ্বাচনত জেএমএম-কংগ্ৰেছ-আৰজেডি মিত্ৰজোটে প্ৰায় ৩৫ শতাংশ ভোট লাভ কৰি ঝাৰখণ্ডত একক সংখ্যাগৰিষ্ঠতা লাভ কৰে। এইবাৰো তিনিটা দলে একেলগে যুঁজ দিছে। কিন্তু ২০১৯ চনৰ তুলনাত এইবাৰৰ ছবিখন অলপ বেলেগ। ভূমি কেলেংকাৰী, দুৰ্নীতিৰ লগতে ‘ভূমি জেহাদ’ৰ সমৰ্থনৰ অভিযোগেৰে ঝাৰখণ্ডৰ ৰাজনীতি অস্থিৰ হৈ পৰিছে।
বিজেপি আৰু ইয়াৰ মিত্ৰ দলৰ নেতাসকলে বাৰে বাৰে প্ৰচাৰ চলাওঁতে চৰকাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি আহিছে। নৰেন্দ্ৰ মোডীৰ পৰা অমিত শ্বাহলৈকে প্ৰচাৰত হেমন্ত সোৰেনৰ চৰকাৰৰ বিৰুদ্ধে আক্ৰমণ চলে। ইয়াৰ সমান্তৰালকৈ দুয়োটা শিবিৰে অনুপ্ৰৱেশৰ অভিযোগ আৰু প্ৰতি-অভিযোগ কৰিছে।
মহাৰাষ্ট্ৰত শাসকীয় মিত্ৰজোঁটৰ প্ৰধান প্ৰাৰ্থীৰ ভিতৰত মুখ্যমন্ত্ৰী আৰু শিৱসেনাৰ মুৰব্বী একনাথ শিণ্ডে (কোপৰি-পাচপাখাৰী), দুজন উপ-মুখ্যমন্ত্ৰী, এন চি পিৰ অজিত পাৱাৰ (বাৰামতী) আৰু বিজেপিৰ দেৱেন্দ্ৰ ফাডনৱীছ (নাগপুৰ দক্ষিণ পশ্চিম) আদি।
বিৰোধী মিত্ৰজোঁটৰ উল্লেখযোগ্য ব্যক্তিসকলৰ ভিতৰত আছে শিৱসেনাৰ মুৰব্বী উদ্ধৱ থাকৰেৰ পুত্ৰ আদিত্য (অৰলী), ৰাজ্যিক কংগ্ৰেছৰ সভাপতি নানা পাটোলে (ছাকোলি) আৰু শাৰদ পাৱাৰ নেতৃত্বাধীন এন চি পি (এছ পি) নেতা জিতেন্দ্ৰ আৱাদ (মুম্ব্ৰা-কলৱা)। বুধবাৰে ঝাৰখণ্ডত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত ৫০০ৰো অধিক প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব।
তালিকাত আছে মুখ্যমন্ত্ৰী হেমন্ত সোৰেন (বৰহেত), পত্নী কল্পনা (গাণ্ডে), ভাতৃ বসন্ত (ডুমকা)। বিজেপিৰ টিকটত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে দলৰ ৰাজ্যিক সভাপতি বাবুলাল মাৰাণ্ডী (ধনৱাৰ) আৰু জেএমএমৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ বিজেপি নেতা হেমন্তৰ বৌয়েক সীতা (জামতাৰা)।













