
বিচ্ছেদৰ বাটত এ আৰ ৰহমানৰ (A R Rahman) দাম্পত্য জীৱন। তেওঁৰ পত্নী ছাইৰা বানুৰ অধিবক্তাই এই কথা প্ৰকাশ কৰিছে। মঙলবাৰে নিশা এক বিবৃতিত তেওঁ কয় যে তিক্ত সম্পৰ্কৰ বাবে তেওঁ এই সিদ্ধান্ত ল’বলৈ বাধ্য হৈছে।

এই পদক্ষেপ দুয়োৰে সন্মতি সাপেক্ষে। এ আৰ ৰহমানৰ বিচ্ছেদৰ খবৰ বনজুইৰ দৰে বিয়পি পৰাত সমগ্ৰ দেশ বাকৰুদ্ধ হৈ পৰিছে। কিন্তু কিয় এই বিচ্ছেদ? ছাইৰা বানুৰ অধিবক্তা বন্দনা শ্বাহে কয় যে দীৰ্ঘদিনীয়া তিক্ততাই বিচ্ছেদৰ আঁৰৰ কাৰণ।
দুয়োপক্ষই নিষ্পত্তি কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল যদিও সেয়া এতিয়া সম্ভৱ নহয়। দীৰ্ঘদিনীয়া দাম্পত্য জীৱনৰ অন্তত এই সিদ্ধান্ত ল’বলৈ তেওঁৰ বহুত অসুবিধা হৈছিল যদিও ছাইৰা অসহায়।
এই দৃষ্টিকোণৰ পৰা অধিবক্তাই অনুৰোধ জনাইছে যে এই মুহূৰ্তত কোনেও যেন ছাইৰাক এই বিষয়ত প্ৰশ্ন সুধি লজ্জিত নকৰে। তেওঁ মানসিক বিপৰ্য্যয়ৰ মাজেৰে পাৰ হৈছে। কাৰণ দীৰ্ঘদিনীয়া বিবাহৰ অন্ত পেলোৱাটো সহজ নহয়।












