
অন্ধ্ৰপ্ৰদেশৰ তিৰুপতি ভেংকটেশ্বৰ মন্দিৰত (Tirupati Mandir) এতিয়াৰে পৰা অনা হিন্দু সম্প্ৰদায়ক নিয়োগ কৰিব নোৱাৰিব। সোমবাৰে মন্দিৰৰ পৰিচালনা সংস্থা তিৰুমালা তিৰুপতি দেৱস্থানে এই সন্দৰ্ভত এক প্ৰস্তাৱ গ্ৰহণ কৰে। প্ৰস্তাৱটোত উল্লেখ কৰা হৈছে যে মন্দিৰৰ অনা হিন্দু কৰ্মচাৰীসকলে হয় স্বেচ্ছাই অৱসৰ ল’ব লাগে, নহয় অন্য চৰকাৰী কাৰ্যালয়লৈ বদলি হ’ব লাগে।

টিটিডিৰ অধ্যক্ষ বি আৰ নাইডুৱে এই প্ৰস্তাৱ গৃহীত কৰাৰ বিষয়টো মানি লৈছে। কিন্তু বৰ্তমান মন্দিৰত কিমানজন অনা হিন্দু কৰ্মচাৰী আছে সেয়া স্পষ্ট কৰা নাই। এক সূত্ৰৰ পৰা জানিব পৰা মতে, মন্দিৰটোত দৈনন্দিন আৰু প্ৰশাসনিক কামৰ বাবে সাত হাজাৰ স্থায়ী কৰ্মচাৰী আছে।
ইয়াৰে কমেও ৩০০ কৰ্মচাৰী অনা হিন্দু সম্প্ৰদায়ৰ। স্থায়ী কৰ্মচাৰীৰ বাহিৰেও অন্ধ্ৰপ্ৰদেশৰ মন্দিৰটোত প্ৰায় ১৪ হাজাৰ অস্থায়ী কৰ্মচাৰী আছে।
প্ৰায়বোৰ কৰ্মচাৰী সংগঠনে মন্দিৰ কৰ্তৃপক্ষৰ এই সিদ্ধান্তক আদৰণি জনাইছে।
এটা সংগঠনৰ এজন নেতাই কয়, “টিটিডিৰ নিয়মত এই ব্যৱস্থাৰ কথা উল্লেখ কৰা হৈছিল। বৰ্তমান ইয়াক কাৰ্যকৰী কৰা বুলি কোৱা হৈছে।” উল্লেখ্য যে ৩১ অক্টোবৰত বি আৰ নাইডুক টিটিডিৰ মুৰব্বী হিচাপে নিযুক্তি দিয়া হয়। ইয়াৰ পিছতে তেওঁ ইংগিত দিয়ে যে মন্দিৰটো কেৱল হিন্দুসকলেহে পৰিচালনা কৰিব।
অৱশ্যে ইয়াৰ পূৰ্বে তিনিবাৰকৈ টিটিডি আইন সলনি কৰি কোৱা হৈছিল যে মন্দিৰ পৰিচালনা সংস্থাই কেৱল হিন্দুকহে নিযুক্তি দিব পাৰে। ইয়াৰ পিছতো বহু অনা হিন্দু সম্প্ৰদায়ৰ কৰ্মচাৰীয়ে মন্দিৰৰ বিভিন্ন প্ৰশাসনিক কামত নিয়োজিত হোৱাৰ খবৰ পোৱা গৈছে। চন্দ্ৰবাবুৰ চৰকাৰ ক্ষমতালৈ অহাৰ পাছত মন্দিৰ সেৱকৰ এটা অংশই এই কথাত আপত্তি কৰে।
শেহতীয়াকৈ লাড়ু বিতৰ্কত শিৰোনামত আছিল তিৰুপতি মন্দিৰ। অন্ধ্ৰৰ মুখ্যমন্ত্ৰী তথা তেলেগু দেশম পাৰ্টিৰ মুৰব্বী চন্দ্ৰবাবু নাইডুৱে অলপতে অভিযোগ উত্থাপন কৰে যে জগনমোহন ৰেড্ডীৰ চৰকাৰৰ দিনত তিৰুমালাৰ প্ৰসাদী লাড়ু তৈয়াৰ কৰাত ব্যৱহৃত ঘিউৰ লগত পশুৰ চৰ্বি মিহলি হৈছিল।
গুজৰাটৰ চৰকাৰী পৰীক্ষাগাৰৰ পৰা জুলাই মাহৰ প্ৰতিবেদনৰ উদ্ধৃতি দি চন্দ্ৰবাবুৱে দাবী কৰে যে তিৰুপতি ভেংকটেশ্বৰ মন্দিৰৰ প্ৰসাদী লাড়ুত ‘বিশুদ্ধ’ ঘিউ পশুৰ চৰ্বিৰ সৈতে মিহলি কৰা হৈছিল। তাৰ পৰাই আৰম্ভ হৈছিল বিতৰ্ক। ৱাই এছ আৰ কংগ্ৰেছে অৱশ্যে এই অভিযোগ অস্বীকাৰ কৰি চন্দ্ৰবাবুৰ মন্তব্যক ‘ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত’ বুলি অভিহিত কৰে।













