
কৰ্ণাটক আৰক্ষীয়ে ২০ বছৰ ধৰি বিচাৰি থকা তথা আৰক্ষীৰ ‘ম’ষ্ট ৱাণ্টেড’ (Most Wanted) তালিকাত থকা মাওবাদীৰ শীৰ্ষ নেতা বিক্ৰম গৌড়াক এনকাউণ্টাৰত হত্যা। সোমবাৰে কৰ্ণাটকৰ উডুপিৰ সমীপৰ কাবিনেল বনাঞ্চলত ৰাজ্যখনৰ মাওবাদী দমন বাহিনীৰ (এ এন এফ) সৈতে সংঘৰ্ষত নিহত হয় বিক্ৰম।

উডুপি আৰক্ষীয়ে গোপনীয় সূত্ৰৰ পৰা তথ্য লাভ কৰে যে হেব্ৰি তালুকৰ সমীপৱৰ্তী অঞ্চলটোৰ এখন দোকানৰ পৰা পাঁচজন অস্ত্ৰধাৰী মাওবাদীয়ে দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰি আছে। উক্ত তথ্য লাভ কৰি উডুপি আৰক্ষীয়ে মাওবাদী দমন বাহিনীৰ সৈতে যোগাযোগ কৰে।
ইয়াৰ পিছতে অঞ্চলটোত যৌথ বাহিনী অভিযান চলায়। মাওবাদীৰ আত্মগোপনৰ লাভ কৰা তথ্য মতে হেব্ৰিৰ পৰা কেইমিটাৰমান দূৰৈৰ কাবিনেল জংঘলত প্ৰৱেশ কৰোতে মাওবাদীয়ে গুলীচালনা আৰম্ভ কৰে ।
যৌথ বাহিনীয়ে প্ৰত্যুত্তৰত গুলীচালনা কৰে। কিছুসময় ধৰি দুয়োপক্ষৰ মাজত চলা গুলীয়াগুলীৰ পিছত উদ্ধাৰ হয় এজন মাওবাদীৰ মৃতদেহ। হেব্ৰিৰ আৰক্ষীৰ শীৰ্ষ বিষয়া মহেশ টি এম এ উদ্ধাৰ হোৱা মৃতদেহটো মাওবাদী শীৰ্ষ নেতা বিক্ৰমৰ বুলি জানিবলৈ দিয়ে।
আৰক্ষী বিষয়াগৰাকীয়ে কয়, “হেব্ৰি তালুকৰ নাদৰালুৰ কুডলু গাঁৱৰ বাসিন্দা তথা মাওবাদীৰ শীৰ্ষ নেতা বিক্ৰম গৌড়া আৰক্ষীৰ ‘ম’ষ্ট ৱাণ্টেড’ তালিকাত আছিল। গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰাৰ পাছত সোমবাৰে নিশা সংঘটিত হয় এই অভিযান। এই সংঘৰ্ষত নিহত হয় শীৰ্ষ মাওবাদী নেতাজন।”
ৰাজ্যৰ গৃহমন্ত্ৰী জি পৰমেশ্বৰে কয় যে ৰাজ্যৰ মাওবাদী আন্দোলনৰ প্ৰধান আছিল বিক্ৰম। দশক দশক ধৰি তেওঁ পলাতক অৱস্থাত আছিল।
তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ যোৱা অভিযানত মাওবাদীয়ে বাহিনীক গুলীচালনা কৰে। নিৰাপত্তা বাহিনীৰ প্ৰত্যাক্ৰমণত বিক্ৰম নিহত হয়। আৰক্ষীয়ে জনোৱা মতে, মাওবাদী নেতাগৰাকী নিহত হয় যদিও তেওঁৰ সহযোগীসকল অৰণ্যৰ গভীৰলৈ পলায়ন কৰে। তালাচী অভিযান অব্যাহত আছে।













