
ইছৰোৰ অত্যাধুনিক কৃত্ৰিম উপগ্ৰহ ‘GSAT20’ আমেৰিকাৰ ভূমিৰ পৰা মহাকাশলৈ সফলতাৰে উৎক্ষেপণ কৰা হয়। ভাৰতীয় সময় অনুসৰি সোমবাৰে মাজনিশা ফ্ল’ৰিডাৰ কেপ কানাভেৰালৰ পৰা ইলন মাস্কৰ কোম্পানী ‘স্পেচএক্স’-এ ইয়াক উৎক্ষেপণ কৰে।

মাস্কৰ কোম্পানীৰ ‘ফেলকন ৯’ ৰকেটৰ সহায়ত মহাকাশলৈ যায়। এই যাত্ৰাত ৩৪ মিনিট সময় লাগে। ৪৭০০ কিলোগ্ৰাম ওজনৰ GSAT20 সম্পূৰ্ণ বাণিজ্যিক কৃত্ৰিম উপগ্ৰহ। এই কৃত্ৰিম উপগ্ৰহটো দেশৰ দুৰ্গম গ্ৰাম্য অঞ্চললৈ ব্ৰডবেণ্ড ইণ্টাৰনেট সেৱা আৰু আকাশৰ মাজত বিমান যাত্ৰীসকলক ইণ্টাৰনেট প্ৰদানৰ বাবে ডিজাইন কৰা হৈছে।
ইছৰোৰ বাণিজ্যিক শাখা নিউ স্পেচ ইণ্ডিয়া লিমিটেডৰ অধ্যক্ষ ৰাধাকৃষ্ণন দুৰাইৰাজে কেপ কানাভেৰালৰ পৰা এই কাৰ্যবিধি নিৰীক্ষণ কৰে। তেওঁ অৱগত কৰে যে উৎক্ষেপণ সফল হৈছে আৰু কৃত্ৰিম উপগ্ৰহটো নিৰ্দিষ্ট কক্ষপথলৈ সলনি কৰা হৈছে।
ইছৰোৰ ‘GSAT20’ কৃত্ৰিম উপগ্ৰহটোৱে দেশৰ ইণ্টাৰনেট ব্যৱস্থা আৰু অধিক উন্নত কৰাৰ বাবে ১৪ বছৰ ধৰি কাৰ্যক্ষম হ’ব। চলিত বৰ্ষৰ আৰম্ভণিতে ইছৰোৰ বাণিজ্যিক শাখাই মাস্কৰ সংস্থাটোৰ সৈতে যৌথ উদ্যোগত কাম কৰাৰ বিষয়ে অৱগত কৰিছিল।
ইয়াৰ পূৰ্বে ইছৰোৱে বিভিন্ন কৃত্ৰিম উপগ্ৰহ পৃথকে পৃথকে উৎক্ষেপণ কৰিছিল। কিন্তু ‘GSAT20’ ৰ ওজন তুলনামূলকভাৱে বহুত বেছি। সেইবাবেই মাস্কৰ ‘স্পেচ এক্স’ৰ সহায়ত ইয়াক মহাকাশলৈ প্ৰেৰণ কৰা হৈছে। ইছৰো আৰু স্পেচএক্সৰ এইটো হৈছে প্ৰথম উৎক্ষেপণ।
সোমবাৰে মাজনিশা কেপ কানাভেৰালৰ মহাকাশ কমপ্লেক্স ৪০ৰ পৰা ইছৰোৰ কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কৰা হয়। এই অঞ্চলটো আমেৰিকাৰ মহাকাশ বাহিনীৰ (আমেৰিকাৰ সশস্ত্ৰ বাহিনীৰ এটা শাখা) অধীনত আছে। মহাকাশ কমপ্লেক্সত থকা এই লঞ্চ পেডটো বৰ্তমান মাস্কৰ কোম্পানীয়ে ব্যৱহাৰ কৰে।
‘GSAT20’ মুকলিৰ সময়ত ইছৰোৰ অধ্যক্ষ এছ সোমনাথে বাংগালুৰুৰ ইউ আৰ ৰাও চেটেলাইট চেণ্টাৰৰ পৰা এই প্ৰক্ৰিয়াটো নিৰীক্ষণ কৰি আছিল। তেওঁ কয় যে এই কৃত্ৰিম উপগ্ৰহটো ১৪ বছৰলৈ কাৰ্যক্ষম হ’ব। তাৰ বাবে দেশৰ মাটিত সকলো আন্তঃগাঁথনি সাজু আছে।













