
অস্ত্ৰোপচাৰৰ (Operation) পিছত গজ (বেণ্ডেজ হিচাপে ব্যৱহাৰ কৰা কপাহ) এমাহ ধৰি প্ৰসূতি এগৰাকীৰ পেটৰ ভিতৰতে থাকি যায়। শেহতীয়াকৈ বিহাৰৰ এখন চিকিৎসালয়ত সংঘটিত হৈছে এই ঘটনা। খবৰটো প্ৰকাশৰ লগে লগে চাঞ্চল্যৰ সৃষ্টি হয়।

স্থানীয় সূত্ৰ অনুসৰি, প্ৰসূতি গৰাকীৰ নাম অঞ্জলি কুমাৰী। তেওঁ বিহাৰৰ দ্বাৰভঙা জিলাৰ ব্ৰহ্মপুৰা গাঁৱৰ বাসিন্দা। ৪ অক্টোবৰত অঞ্জলিয়ে দ্বাৰভংগা চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ স্ত্ৰীৰোগ আৰু প্ৰসূতি বিভাগত অস্ত্ৰোপচাৰৰ জৰিয়তে এটি পুত্ৰ সন্তান জন্ম দিয়ে। কিন্তু তাৰ পিছত এটা সমস্যা আহে। কিছুদিনৰ পাছত তেওঁৰ পেটৰ বিষ হ’বলৈ ধৰে। খৰধৰকৈ তেওঁক স্থানীয় চিকিৎসকৰ ওচৰলৈ লৈ যোৱা হয়।
তাতেই জনা যায় যে মহিলাগৰাকীৰ পেটত সোমাই আছে গজৰ টুকুৰা। গজৰ টুকুৰাটো পুনৰ অস্ত্ৰোপচাৰ কৰি আঁতৰাই পেলোৱা হয়। ঘটনাটো পোহৰলৈ অহাৰ লগে লগে এক চাঞ্চল্যৰ সৃষ্টি হয়। ৰোগীৰ পৰিয়ালে চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।
ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে। চিকিৎসালয় কৰ্তৃপক্ষই জনাইছে যে এয়া কেনেকৈ হ’ল সেই বিষয়েও তদন্ত কৰিব। তদন্তৰ পিছত কৰ্তব্যৰত চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলক চিনাক্ত কৰি তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।












