
মঙলবাৰেও দিল্লীৰ বায়ু ‘অতি ভয়ংকৰ’ (Delhi Pollution) স্তৰত। বায়ুৰ গুণাগুণ সূচকাংক প্ৰায় ৫০০। ৰাজধানী দিল্লী আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহ পুৱাৰ পৰা ধোঁৱাই আৱৰি ধৰিছে। দৃশ্যমানতা হ্ৰাস পাইছে।

দিল্লীৰ বায়ুৰ গুণাগুণ সূচকাংক আজি পুৱা ৪৯৪ত উপনীত হয়, যিটো এই ঋতুৰ সৰ্বোচ্চ। সাধাৰণতে ৪৫০ৰ ওপৰৰ বায়ুৰ গুণাগুণ সূচকাংকক ‘চৰম’ বুলি গণ্য কৰা হয়। দিল্লীত প্ৰদূষণৰ সৈতে মোকাবিলা কৰিবলৈ কেইবাটাও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
প্ৰদূষণ নিয়ন্ত্ৰণৰ চতুৰ্থ (সৰ্বোচ্চ) স্তৰ (গ্ৰেডেড ৰেচপন্স একচন প্লেন ৪ বা GRAP ৪) প্ৰৱৰ্তন কৰা হৈছে। সোমবাৰে উচ্চতম ন্যায়ালয়ে কয় যে আদালতক অৱগত নকৰাকৈ চতুৰ্থ স্তৰৰ নিয়ন্ত্ৰণ শিথিল কৰিব নোৱাৰিব।
সোমবাৰৰ পৰা প্ৰদূষণৰ বিৰুদ্ধে যুঁজিবলৈ দিল্লী চৰকাৰে সৰ্বোচ্চ নিয়ন্ত্ৰণৰ নিয়ম জাৰি কৰিছে।
ইয়াৰ পিছতো বায়ুৰ গুণাগুণ উন্নত হোৱা নাই। বৰঞ্চ ই অধিক ভয়ংকৰ স্তৰত উপনীত হৈছে। মঙলবাৰে পুৱা ৰাজধানী আৰু ইয়াৰ কাষৰীয়া আনন্দ বিহাৰ, অশোক বিহাৰ, ধ্যান চান্দ ষ্টেডিয়াম, জাহাংগীৰপুৰীৰ অধিকাংশ নিৰীক্ষণ কেন্দ্ৰত বায়ুৰ গুণাগুণ সূচকাংক ৫০০ অতিক্ৰম কৰে।
ৰাজধানী আৰু কাষৰীয়া অঞ্চলত মুঠ ৩৫টা বায়ুৰ গুণাগুণ নিৰীক্ষণ কেন্দ্ৰ স্থাপন কৰা হৈছে। ইয়াৰ ভিতৰত দ্বাৰকাৰ বায়ুৰ গুণাগুণ সূচকাংক (৪৮০) সৰ্বনিম্ন। কিন্তু সেইটোও ‘অতি ভয়ংকৰ’ স্তৰৰ ওপৰত।
শূন্যৰ পৰা ৫০ৰ ভিতৰত বায়ুৰ গুণাগুণ সূচকাংকক ‘ভাল’ বুলি গণ্য কৰা হয়।
৫১ৰ পৰা ১০০ গুণগত সূচকাংক ‘সন্তোষজনক’ বুলি গণ্য কৰা হয়। ১০১ৰ পৰা ২০০লৈকে বায়ুৰ গুণাগুণ সূচকাংক ‘মধ্যমীয়া’ বুলি গণ্য কৰা হয়। ২০১ৰ পৰা ৩০০ৰ গুণগত সূচকাংক হ’ল ‘চিন্তনীয়’, ৩০১ৰ পৰা ৪০০ৰ পৰা ‘অতি চিন্তনীয়’, ৪০১ৰ পৰা ৪৫০লৈকে ‘ভয়ংকৰ’ আৰু ৪৫০ৰ ওপৰৰ ‘অতি ভয়ংকৰ’।
প্ৰদূষণৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীৰ সকলো বিদ্যালয়ে অনলাইন পাঠদান আৰম্ভ কৰিছে। আনকি দিল্লী বিশ্ববিদ্যালয়ৰ অধীনস্থ কলেজসমূহেও অনলাইন পাঠ্যক্ৰম প্ৰদানৰ সিদ্ধান্ত লৈছে। জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়তো অনলাইন ক্লাছ অনুষ্ঠিত হ’ব। কেৱল দিল্লীতে নহয়, গুৰুগ্ৰাম আৰু নয়দাৰ বিদ্যালয়তো অনলাইন ক্লাছ আৰম্ভ হৈছে।
আনহাতে, দৃশ্যমানতা কম হোৱাৰ বাবে দিল্লীৰ ৰে’ল সেৱাও সামান্য ব্যাহত হৈ পৰে। বহু ৰে’ল পলমকৈ চলি আছে। সংবাদ সংস্থা এএনআয়ে প্ৰকাশ কৰা অনুসৰি, কমেও ২২খন ৰে’ল পলমকৈ চলি থকাৰ লগতে ৯খন ৰে’ল বাতিল কৰা হৈছে।
দৃশ্যমানতা কম হোৱাৰ বাবে বিমান সেৱাও আংশিকভাৱে ব্যাহত হৈছিল। ইণ্ডিগ’ এয়াৰলাইন্সে ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰিছে যে দিল্লী, অমৃতসৰ আৰু চণ্ডীগড়লৈ বিমান সেৱা পলম হোৱাৰ সম্ভাৱনা আছে।













