
বোকাখাত (Bokakhat) বনগাঁৱৰ সতী সাধনী সমন্বয় ক্ষেত্রত আজি বোকাখাতৰ ১২ খন চুতীয়া জাতি আঞ্চলিক সমিতিৰ সভাপতি/সম্পাদক আৰু শতাধিক সদস্যৰে এখন সাধাৰণ সভা আহ্বান কৰা হয়।

উক্ত সভাত কমাৰগাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক বিশিষ্ট শিক্ষাবিদ তথা প্ৰাক্তন সন্মিলনৰ সভাপতি প্ৰতাপ বৰাক জিলা চুতীয়া জাতি সন্মিলনৰ সভাপতি, কুৰুৱাবাহী পৰঙনীয়াৰ শিক্ষক তথা বিশিষ্ট সাংস্কৃতিক কৰ্মী দুলাল বৰাক কাৰ্যকৰী সভাপতি, প্ৰকৃতি সংৰক্ষণৰ বাবে কাম কৰি অহা বোকাখাতৰ বে-চৰকাৰী সংগঠন গ্ৰাছ, বোকাখাতৰ সম্পাদক, সমাজ কৰ্মী ইন্দ্ৰেশ্বৰ বৰাক সাধাৰণ সম্পাদক হিচাবে লৈ ২৫ জনীয়া এখন পূৰ্ণাংগ জিলা চুতীয়া জাতি সন্মিলনৰ সমিতি গঠন কৰা হয়।
উক্ত সভাতে বোকাখাত জিলা দেউৰী-চুতীয়া সাহিত্য সভাৰ সমিতিখনো গঠন কৰা হয়। এই সমিতিত ক্ৰমে সভাপতি দুলাল বৰা, কাৰ্যকৰী সভাপতি প্ৰদীপ কুমাৰ বৰা আৰু সাধাৰণ সম্পাদকৰ পদত শৰৎ শইকীয়া নিৰ্বাচিত হৈ ৩১ জনীয়া পূৰ্ণাংগ সমিতিখন গঠন কৰা হয়।
চুতীয়া উন্নয়ন পৰিষদৰ পৰা অহা ৪০ লাখ টকাৰ বাজেট প্ৰস্তুত কৰা, চুতীয়া জাতিৰ নিবনুৱা সকলৰ কাৰিকৰী আৰু পশু পালনৰ প্ৰশিক্ষণৰ ব্যবস্থা হাতত লোৱা, চুতীয়া গাঁও সমূহত চুতীয়াৰ কলা- কৃষ্টি, ভাষা আদি চিনাকী কৰোৱাকে ধৰি সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ লোৱা হয়। আগন্তুক সময়ত সমষ্টিৰ সকলো চুতীয়া লোকৰ উন্নতিৰ বাবে এক আঁচনি প্ৰস্তুত কৰা হৈছে আৰু সেই অনুযায়ী কামত আগবঢ়াৰ পৰিকল্পনা লোৱা হৈছে। প্ৰতাপ বৰাই পৰিচালনা কৰা সভাত আহ্বায়ক যতীন শইকীয়াই উদ্দেশ্য ব্যাখ্যা কৰে।
সভাত দেউৰী-চুতীয়া সাহিত্য সভা, অসমৰ সভাপতি তথা উন্নয়ন পৰিষদৰ সদস্য প্ৰতাপ চন্দ্র নেওগ আৰু সম্পাদক যতীন শইকীয়া, আন এজন উন্নয়ন পৰিষদৰ সদস্য চন্দ্র গগৈৰ লগতে চুতীয়া জাতিৰ কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত আছিল।













