
গুজৰাটৰ (Gujarat) এখন চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা বিজ্ঞানৰ ছাত্ৰ এগৰাকীৰ মৃত্যুক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। তেওঁৰ ‘ৰেগিঙ’ৰ ফলত মৃত্যু হোৱা বুলি অভিযোগ কৰা হৈছে। অভিযোগ অনুসৰি, তেওঁক ৰেগিং কৰি তিনি ঘণ্টা ধৰি থিয় কৰাই ৰখা হয়। থিয় হৈ থকা অৱস্থাতে তেওঁ ঢলি পৰে আৰু মৃত্যু হয়। ঘটনাৰ সঠিক তদন্তৰ দাবী জনাইছে যুৱকজনৰ পৰিয়ালে।

মহাবিদ্যালয়খনৰ এণ্টি ৰেগিং কমিটীৰ পৰা আৰক্ষীয়ে প্ৰতিবেদন বিচাৰিছে।
গুজৰাটৰ পাটন জিলাৰ ধৰপুৰৰ জিএমইআৰএছ চিকিৎসা মহাবিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা। ১৮ বছৰীয়া অনিল নাটবৰভাই মেথানিয়াক অলপতে তাত চিকিৎসা বিজ্ঞানৰ শিক্ষা গ্ৰহণৰ বাবে ভৰ্তি কৰা হৈছিল। তেওঁ সুৰেন্দ্ৰনগৰৰ বাসিন্দা।
অভিযোগ অনুসৰি, শনিবাৰে নিশা কলেজখনৰ তৃতীয় বৰ্ষৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম বৰ্ষৰ একাংশ ছাত্ৰ-ছাত্ৰীক মাতি পঠায়। তিনি ঘণ্টা ধৰি থিয় কৰাই ৰখা হয়। তেওঁলোকক বহিবলৈও দিয়া হোৱা নাছিল। বহু সময় থিয় হৈ থকাৰ পিছত এজন এজনকৈ নিজৰ পৰিচয় দিবলৈ কোৱা হয়। সেই সময়ত যুৱকজনে হঠাতে মূৰটো ঘূৰাই বাগৰি পৰে আৰু অচেতন হয়।
ছাত্ৰ-ছাত্ৰীসকলে যুৱকজনক উদ্ধাৰ কৰি চিকিৎসালয়খনৰ জৰুৰীকালীন বিভাগলৈ লৈ যায়। কিন্তু কিছু সময়ৰ পাছত তাতেই তেওঁক মৃত ঘোষণা কৰা হয়। নাম প্ৰকাশ কৰিবলৈ অনিচ্ছুক এজন সহপাঠীয়ে কয়, “শনিবাৰে নিশা ১০ বজাৰ ভিতৰত আমাৰ প্ৰথম বৰ্ষৰ ১০ জনতকৈ অধিক ছাত্ৰ-ছাত্ৰীক মাতি নিয়া হৈছিল। চিনিয়ৰসকলে আমাক হোৱাটছএপ গ্ৰুপৰ জৰিয়তে মাতিছিল। প্ৰতিজনকে দুঘণ্টাৰ পৰা তিনিঘণ্টা ধৰি থিয় কৰাই ৰখা হয়। ইয়াৰ পিছত নিজৰ পৰিচয় দিবলৈ কোৱা হয়।”
ইতিমধ্যে মহাবিদ্যালয়খনৰ ৰেগিং বিৰোধী কমিটীয়ে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। আনহাতে, মহাবিদ্যালয়খনে আৰক্ষীৰ ওচৰত এজাহাৰো দাখিল কৰিছে। মহাবিদ্যালয়খনৰ ডীন হাৰ্দিক শ্বাহে কয় যে ছাত্ৰ-ছাত্ৰী ৰেগিঙত দোষী সাব্যস্ত হ’লে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
পাটনৰ এছ পি ৰবীন্দ্ৰ পেটেলে কয় যে অস্বাভাৱিক মৃত্যুৰ গোচৰ ৰুজু কৰা হৈছে। অতি শীঘ্ৰে মহাবিদ্যালয়খনৰ এণ্টি ৰেগিং কমিটীৰ পৰা প্ৰতিবেদন বিচৰা হৈছে। তাৰ ওপৰত ভিত্তি কৰিয়েই আৰক্ষীয়ে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব।












