
দিল্লীৰ প্ৰদূষণৰ (Delhi Pollution) পৰিস্থিতি আৰু অধিক ভয়াৱহ হৈছে। আজি বায়ুৰ গুণাগুণ বা AQI আটাইতকৈ বেয়া অৱস্থাত উপনীত হৈছে। ধোঁৱাৰে আবৃত দিল্লীত দৃশ্যমানতা হ্ৰাস পাইছে। এনে আতংকজনক পৰিস্থিতিত ধাৰাবাহিকভাৱে বাধা আৰোপ জাৰি কৰা হৈছে।

সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, সোমবাৰে দিল্লীৰ বায়ুৰ গুণাগুণ বা AQI আছিল ৪৮১। যিটো চলিত ঋতুৰ আটাইতকৈ ‘ভয়ংকৰ’ পৰ্যায়। ইয়াৰ লগে লগে একেৰাহে ছয় দিন ধৰি দিল্লীৰ বায়ুৰ গুণাগুণ ‘ভয়ংকৰ’ স্তৰত আছে। প্ৰদূষণ আৰু ধোঁৱাৰ বাবে আজি পুৱা দিল্লী বিমানবন্দৰত দৃশ্যমানতা ১০০ মিটাৰলৈ হ্ৰাস পাইছে। পুৱা ৭ বজাত পালামত দৃশ্যমানতা আছিল ১৫০।
দৃশ্যমানতা হ্ৰাস পোৱাৰ বাবে আজি পুনৰ দিল্লী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত পলম হৈছে সকলো বিমান সেৱা। যাত্ৰীসকলক আগতীয়াকৈ সকীয়াই দিছে কেইবাটাও বিমান সংস্থাই। প্ৰতিখন বিমানত আধা ঘণ্টাৰ পৰা এঘণ্টা পলম হয়। ইফালে, প্ৰদূষণ ৰোধৰ বাবে পুৱা ৮ বজাৰ পৰা GRAP-4 কাৰ্যকৰী কৰা হৈছে। দিল্লীৰ প্ৰদূষণৰ পৰিস্থিতি অধিক বেয়া হোৱাৰ লগে লগে সকলো বিদ্যালয়ে পঞ্চম শ্ৰেণীলৈকে অফলাইন ক্লাছ বাতিল কৰাৰ কথা ঘোষণা কৰে।
প্ৰদূষণ আৰু ধোঁৱাৰ বাবে আন এক নিষেধাজ্ঞা আৰোপ কৰা হৈছে। প্ৰশাসনে ঘোষণা কৰিছে যে দশম শ্ৰেণীলৈকে সকলো বিদ্যালয়তে অনলাইন ক্লাছ অনুষ্ঠিত হ’ব। কেৱল একাদশ আৰু দ্বাদশ শ্ৰেণী অফলাইন থাকিব। আনহাতে, ৫০ শতাংশ কৰ্মচাৰীয়ে চৰকাৰী আৰু বেচৰকাৰী প্ৰতিষ্ঠানত কাম কৰিবলগা হৈছে। বেছিভাগ ক্ষেত্ৰতে ঘৰৰ পৰাই কাম কৰিব দিয়া হৈছে।
কেন্দ্ৰীয় চৰকাৰী প্ৰতিষ্ঠানৰ ৫০ শতাংশ কৰ্মচাৰীক অফলাইন আৰু বাকীসকলক ঘৰৰ পৰাই কাম কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। প্ৰয়োজনীয় আৰু অত্যাৱশ্যকীয় সেৱাৰ বাহিৰে ৰাজ্যৰ বাহিৰৰ পৰা অহা সকলো ট্ৰাক দিল্লীত প্ৰৱেশ নিষিদ্ধ। সম্প্ৰতি ৰাজ্যজুৰি নিৰ্মাণ আৰু পুনৰ নিৰ্মাণৰৰ কাম বন্ধ কৰি দিয়া হৈছে।













