
মণিপুৰত সৃষ্টি হৈছে পুনৰ অশান্তি (Manipur Violence)। স্বামীৰ সন্মুখত এগৰাকী মহিলাক ধৰ্ষণ (Rape of woman) কৰি জ্বলাই দিয়াৰ অভিযোগ (Allegations of burning)। একে সময়তে সমগ্ৰ গাঁওখনতে লুণ্ঠন, নিৰ্যাতন আৰু দুষ্কৃতিকাৰীৰ তাণ্ডৱ অব্যাহত আছে। বৃহস্পতিবাৰে নিশা সংঘটিত ঘটনাৰ পিছৰে পৰা মণিপুৰৰ জিৰিবাম জিলাৰ জাইৰন গাঁৱত (In Jairon village of Jiribam district) উত্তপ্ত হৈ উঠিছে পৰিস্থিতি। শনিবাৰে অঞ্চলটোত উত্তেজনাৰ সৃষ্টি হয়। দোষীক শাস্তি প্ৰদানৰ দাবীত প্ৰতিবাদ আৰম্ভ কৰিছে গাঁওবাসীয়ে। মহিলাগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰলৈ প্ৰেৰণ কৰা হৈছে।
আৰক্ষীৰ সূত্ৰ অনুসৰি, মৃত মহিলাগৰাকীৰ বয়স ৩১ বছৰ। তেওঁ তিনিটা সন্তানৰ মাতৃ। স্বামীৰ সন্মুখতে ধৰ্ষণ কৰি হত্যা কৰা বুলি অভিযোগ উত্থাপন হৈছে। সেই সন্দৰ্ভত মহিলাগৰাকীৰ স্বামীয়ে থানাত এজাহাৰ দাখিল কৰিছে। জাতিগত আৰু ধৰ্মীয় ঘৃণাৰ বাবেই এই ধৰ্ষণ আৰু হত্যাকাণ্ড সংঘটিত হোৱা বুলি অভিযোগত দাবী কৰিছে মহিলাগৰাকীৰ স্বামীয়ে। অৱশ্যে শুকুৰবাৰে নিশালৈকে আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত লোকৰ কোনো সন্ধান পোৱা নাই।

স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, বৃহস্পতিবাৰে নিশা হঠাতে এদল দুষ্কৃতিকাৰীয়ে গাঁওখনত প্ৰৱেশ কৰি কেইবাটাও ঘৰ লুটপাত কৰে।গাঁওখনৰ কমেও ১৭টা ঘৰত অগ্নিসংযোগ কৰে। দোষীক শাস্তি প্ৰদানৰ দাবীত শুকুৰবাৰে সমগ্ৰ দিনটো প্ৰতিবাদ সাব্যস্ত কৰে গাঁওবাসীয়ে। শনিবাৰেও পুৱাৰে পৰা প্ৰতিবাদৰ বাবে গাঁওখন ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে। মণিপুৰত মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা হ’লেও জিৰিবামৰ পৰা অসমৰ শিলচৰলৈ মহিলাগৰাকীৰ মৃতদেহ প্ৰেৰণ কৰাটো অধিক সুবিধাজনক হ’ব বুলি উল্লেখ কৰে জিৰিবামৰ আৰক্ষী অধীক্ষকগৰাকীয়ে।এই বিষয়ে জিলা প্ৰশাসনক অৱগত কৰা হৈছে।
জিৰিবামৰ জয়ৰণ গাঁৱত প্ৰধানকৈ জনজাতীয় লোকে বসবাস কৰে। কুকি, জোমি, মাৰ গোটৰ নেতাসকলে এই ঘটনাৰ প্ৰতিবাদ কৰি এক বিবৃতি প্ৰকাশ কৰে। কেন্দ্ৰৰ হস্তক্ষেপৰ দাবী জনায়। চুৰাচান্দপুৰৰ জনজাতীয় সমাজেও দোষীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী জনাই এক বিবৃতি প্ৰকাশ কৰিছে।













