শীতকাল অহাৰ পূৰ্বে দিল্লী (Delhi), এনচিআৰ (NCR) আৰু পঞ্জাৱ (Punjab), হাৰিয়ানাত (Haryana) প্ৰদূষণৰ মাত্ৰা (Pollution levels) আটাইতকৈ বেয়া স্তৰত উপনীত হৈছে। দীপাৱলীৰ পিছৰে পৰা কিছু ঠাইত বায়ুৰ গুণাগুণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। এনে পৰিস্থিতিত হাৰিয়ানাৰ গুৰুগ্ৰামৰ (Gurugram) এটা আবাসিক এলেকাত প্ৰদূষণ হ্ৰাস কৰিবলৈ ‘কৃত্ৰিম বৰষুণ’ৰ ব্যৱস্থা (Provision of ‘Artificial Rain’) কৰে।
গুৰুগ্ৰামৰ ৮২ নং খণ্ডত ৩৩ মহলীয়া বাসগৃহত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই পদক্ষেপ কেনেকৈ লোৱা হ’ল? গৃহ নিৰ্মাণ কৰ্তৃপক্ষই কি কয়? তেওঁলোকে কয় যে যাক ‘কৃত্ৰিম বৰষুণ’ বুলি কোৱা হয় সেয়া আচলতে একেবাৰেই নহয়। কিন্তু বিকল্প ব্যৱস্থাৰ কথা চিন্তা কৰা হৈছে। অগ্নিনিৰ্বাপক বাহিনীৰ বাবে ব্যৱহাৰ কৰা পাইপৰ জৰিয়তে বাসগৃহৰ একেবাৰে ওপৰৰ মহলাৰ পৰা পানী পাম্প কৰা হৈছে। ফলত সেই পানী বৰষুণৰ ৰূপত পৰে। তেওঁলোকে দাবী কৰে যে এই পদক্ষেপ ধূলি আৰু বায়ু প্ৰদূষণ হ্ৰাস কৰাৰ বাবে।
সংবাদ সংস্থা এ এন আইৰ আগত আবাসিকটোৰ সভাপতি আঞ্চল যাদৱে চৰকাৰে প্ৰদূষণ নিয়ন্ত্ৰণত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰে। তেওঁলোকৰ ফালৰ পৰা কোনো পদক্ষেপ লোৱা দেখা নাই বুলি অভিযোগ কৰে। সেয়েহে তেওঁলোকে এই পদক্ষেপ গ্ৰহণ কৰিছে যাতে আৱাসগৃহৰ আৱাসীয়ে অলপ ভালকৈ উশাহ ল’ব পাৰে, প্ৰদূষণমুক্ত পৰিৱেশত জীয়াই থাকিব পাৰে, আৱাসৰ ভিতৰত আৰু আশেপাশে থকা বায়ুৰ মান বজাই ৰাখিব পাৰে। যাদৱে লগতে কয় যে চুবুৰীয়া বাসগৃহসমূহেও তেওঁলোকৰ এই পদক্ষেপক আদৰণি জনাইছে। তাতো ইতিমধ্যে এই কৌশল আৰম্ভ হৈছে। স্থানীয় সূত্ৰৰ মতে, কেৱল গুৰুগ্ৰামতে নহয়, দিল্লী আৰু কাষৰীয়া অঞ্চলৰ বহু ঠাইত এই কৌশলেৰে প্ৰদূষণ নিয়ন্ত্ৰণৰ প্ৰচেষ্টা চলোৱা হৈছে।