
হাৰিয়ানাত গেংষ্টাৰ লৰেন্স বিষ্ণয়ৰ (Lawrence Bishnoi) ভাতৃ আনমোল বিষ্ণয়ৰ বিৰুদ্ধে ৰুজু হৈছে এক নতুন গোচৰ। বিদেশৰ পৰা ভীমসেনাৰ মুৰব্বী সতপাল তনৱাৰক হত্যাৰ ভাবুকি দিয়াৰ অভিযোগ উঠিছে তেওঁৰ বিৰুদ্ধে।

গুৰুগ্ৰাম আৰক্ষীয়ে এই সন্দৰ্ভত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে। উল্লেখযোগ্য যে বৰ্তমান গুজৰাটৰ জে’লত আছে লৰেন্স বিষ্ণয়। কিন্তু ভাতৃ আনমোল ভাৰতৰ বাহিৰত আছে।
ইতিমধ্যে তেওঁৰ বিৰুদ্ধে কেইবাটাও গোচৰ চলি আছে। সূত্ৰ অনুসৰি আনমোল আমেৰিকা বা কানাডাৰ ক’ৰবাত আত্মগোপন কৰি আছে। তেওঁক ঘূৰাই অনাৰ প্ৰক্ৰিয়াও আৰম্ভ কৰা হৈছে। কিন্তু আনমোলক বাধা দিব পৰা হোৱা নাই। কিছুদিন পূৰ্বে মহাৰাষ্ট্ৰ এন চি পিৰ নেতা তথা প্ৰাক্তন মন্ত্ৰী বাবা ছিদ্দিকী হত্যাকাণ্ডত আনমোলৰ নাম জড়িত হৈ পৰিছে।
তদন্তকাৰীয়ে জানিব পাৰিছে যে উক্ত ঘটনাত গ্ৰেপ্তাৰ হোৱা লোকসকলৰ সৈতে আনমোলৰ যোগাযোগ আছিল বিদেশৰ পৰা। এইবাৰ ভীমসেনা প্ৰধানক হত্যাৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে।
অভিযোগ অনুসৰি, আনমোলে আমেৰিকা বা কানাডাত বহি সতপালক ফোন কৰে। জিম্বাবুৱে বা কেনিয়াৰ নম্বৰৰ পৰা আহিছে এই ফোন। দুয়োখন আফ্ৰিকান দেশ।
অভিযোগ অনুসৰি, সতপালক ফোন কলৰ দ্বাৰা ভাবুকি দিয়া হৈছে। যোৱা ৩০ অক্টোবৰত আনমোলৰ পৰা কেইবাটাও ফোন আহিছিল সতপাললৈ। আনমোলে মুঠ ৬ মিনিট ৪১ ছেকেণ্ড সময় ফোনত কথা পাতে। এই ফোনবোৰ ধৰিছিল সতপালৰ এগৰাকী মহিলা সচিবে।
অভিযোগৰ ভিত্তিত গুৰুগ্ৰাম আৰক্ষীয়ে আনমোলৰ বিৰুদ্ধে নতুন গোচৰ ৰুজু কৰে। এছটিএফকে ধৰি বিভিন্ন অপৰাধ আৰু চাইবাৰ অপৰাধ শাখাৰ আৰক্ষীৰ বিশেষ দলে বিষয়টোৰ তদন্ত চলাই আছে। আনমোলক ভাৰতলৈ ঘূৰাই অনাৰ প্ৰচেষ্টা অব্যাহত আছে বুলিও গুৰুগ্ৰাম আৰক্ষীৰ বিষয়াসকলে জানিবলৈ দিয়ে।
আনহাতে, শনিবাৰে আনমোলৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৭ ধাৰাত গোচৰ ৰুজু কৰা হয়। ইফালে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই আনমোলৰ মূৰৰ ওপৰত দহ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে। কোনোবাই যদি আনমোলৰ বিষয়ে তথ্য দিব পাৰে তেন্তে এই পুৰস্কাৰ তেওঁক দিয়া হ’ব।











