দেওবাৰে দিনৰ প্ৰায় ১২ বজাত ভাষা গৌৰৱ সপ্তাহ উদযাপন সমিতিৰ উদ্যোগত ডিফুৰ লাংকুং হাবে ছাৰচিং টেৰণ মেমৰিয়েল টাউন হলত ভাষা গৌৰৱ সপ্তাহ উদ্ধোধনী কাৰ্যসূচী উদযাপন কৰা হয় ৷ ৩ নৱেম্বৰৰ পৰা ৯ নৱেম্বৰলৈকে অনুষ্ঠিত হব লগীয়া আজি প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি জাতীয় সংগীতেৰে কাৰ্যসূচীৰ শুভাৰম্ভনি কৰা হয় ৷
কাৰবি আংলং জিলাৰ প্ৰতিথযশা সাহিত্যিক পদ্মশ্ৰী ধনেশ্বৰ ইংতি, কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’, লেখক সাংবাদিক বৰচিং ৰংফাৰকে ধৰি ২২ গৰাকীকৈ লেখত লবলগীয়া সাহিত্যক শিল্পীক আনুষ্ঠানিক ভাবে পহ’ আৰু প্ৰশস্তি পত্ৰৰে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আদৰণি ভাষণ প্ৰদান কৰে জিলা আয়ুক্ত নিৰলা ফাংচ’পীয়ে ৷ অনুষ্ঠানত মুখ্য অতিথি হিছাপে থাকে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য বিলিমোহন খাকলাৰী ৷
নিজৰ ভাষণ প্ৰসংগত জিলা আয়ুক্ত নিৰলা ফাংচপীয়ে অসমীয়া ভাষাই ধ্ৰুপদী ভাষা হিছাপে স্বীকৃতি পোৱাত চৰকাৰক শলাগ লয় ৷ অসমীয়া ভাষা সাহিত্যৰ প্ৰাচীন ইতিহাসক সোঁৱৰি আমাৰ পূৰ্ব পুৰুষ সকলে উকিত ভাষাক উচ্চতম শিখৰলৈ নিয়াৰ নিৰন্তৰ প্ৰয়াস, দৰ্শন আৰু দুৰদৰ্শী সপোনৰ বাবে ভাষাটোৱে স্বীকৃতি লাভ কৰিছে বুলি মন্তব্য কৰে ৷ আনহাতে আজিৰ অনুষ্ঠানত সম্বৰ্ধিত প্ৰায় গৰাকী সাহিত্যিক শিল্পীয়ে ভাষা উত্তৰণৰ বাবে চেষ্টা অব্যাহত ৰাখিব বুলি কয় ৷