
আত্মীয়ৰ বিৰুদ্ধে তিনি বছৰীয়া শিশুক ধৰ্ষণ (Three-year-old raped) কৰি হত্যাৰ অভিযোগ। কেৱল সেয়াই নহয়, শিশুটিক হত্যা (Killing the child) কৰাৰ পিছত তেওঁৰ মৃতদেহ পথাৰত পুতি থয়। শুকুৰবাৰে আৰক্ষীয়ে উদ্ধাৰ কৰে শিশুটিৰ মৃতদেহ। অন্ধ্ৰপ্ৰদেশৰ তিৰুপতিত (Tirupati in Andhra Pradesh) সংঘটিত হৈছে এই ঘটনা।
আৰক্ষীৰ সূত্ৰ অনুসৰি, শিশুটিয়ে ঘৰৰ সন্মুখত খেলি থকাৰ সময়ত চুবুৰীৰ এজন যুৱকে তেওঁক চকলেটেৰে প্ৰলোভিত কৰি লগত লৈ যায়। শিশুটিৰ আত্মীয় হোৱাৰ বাবে যুৱকজনৰ লগত যাবলৈ মান্তি হৈছিল শিশুটি। কিন্তু তেতিয়াৰে পৰাই তেওঁ নিৰুদ্দেশ হৈ আছিল। পৰিয়ালৰ সূত্ৰৰ মতে, বাহিৰত শিশুটিক দেখা নোপোৱাত আশেপাশে থকা লোকসকলক খবৰ লোৱা হয়। অনুসন্ধানো চলোৱা হয়। কিন্তু দীৰ্ঘসময় ধৰি শিশুটিক বিচাৰি নোপোৱাত পিতৃ-মাতৃয়ে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে।

তদন্তৰ অন্তত আৰক্ষীয়ে অঞ্চলটোৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰি দেখে যে শিশুটি যুৱক এজনৰ লগত গৈ আছে। তাৰ পৰাই শিশুটিৰ পৰিয়ালৰ সহায় লৈ যুৱকজনক চিনাক্ত কৰা হয়। ইয়াৰ পিছতে আৰক্ষীয়ে যুৱকজনক বিচাৰি আটক কৰি জেৰা আৰম্ভ কৰে। জেৰাত যুৱকজনে শিশুটিক ধৰ্ষণ আৰু হত্যাৰ কথা আৰক্ষীৰ আগত স্বীকাৰোক্তি দিয়ে।
কিন্তু শিশুটিৰ মৃতদেহৰ অৱস্থানৰ ক্ষেত্ৰত বিভ্ৰান্ত হৈ পৰে আৰক্ষী। অভিযুক্তক জেৰা কৰি তেওঁলোকে গম পায় যে যুৱকজনে নিজৰ ঘৰৰ পৰা কিছু দূৰৈৰ পথাৰত শিশুটিৰ মৃতদেহ পুতি থৈছে। ইয়াৰ পিছতে আৰক্ষীয়ে তালৈ গৈ শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰে। এই ঘটনাত স্থানীয় বাসিন্দাসকল ক্ষুব্ধ হৈ পৰে। অভিযুক্তক কঠোৰতম শাস্তি প্ৰদানৰ দাবী জনায়। আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত যুৱকজনক গ্ৰেপ্তাৰ কৰিছে।












