বিগত কিছুদিনৰ পৰা দিল্লীৰ বায়ুৰ গুণমান (AQI) ধাৰাবাহিকভাৱে নিম্নগামী হৈ আহিছে। বৃহস্পতিবাৰে এই গুণগত মান অধিক হ্ৰাস পায়। কিন্তু আজি দীপাৱলীৰ পুৱাতে ৰাজধানীৰ আকাশ যেনেদৰে ধোঁৱাৰ ডাঠ আৱৰণেৰে ঢাক খাক খাই পৰিছে, তাক লৈ চিন্তিত হৈ পৰিছে প্ৰশাসন। লগতে প্ৰশ্ন উত্থাপন হৈছে, যদি দীপাৱলীৰ পুৱাতে এই পৰিস্থিতি হয়, তেন্তে নিশা পৰিস্থিতি কি পৰ্যায়ত উপনীত হ’ব ?
উল্লেখ্য যে দিল্লীত প্ৰদূষণ (Pollution in Delhi) ৰোধৰ বাবে প্ৰতিবাৰেই বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হয়। বিশেষকৈ দীপাৱলীৰ দিনা যাতে প্ৰদূষণৰ মাত্ৰা চৰম মাত্ৰাত উপনীত নহয় তাৰ বাবে ৰাজধানীত কেইবা বছৰ ধৰি বিশেষ সতৰ্কতা অৱলম্বন (Special precautions should be taken) কৰা হৈ আহিছে। দিল্লী প্ৰদূষণ নিয়ন্ত্ৰণ সমিতিয়ে শব্দ সৃষ্টিকাৰী ফটকা বিক্ৰী, মজুত আৰু নিৰ্মাণত নিষেধাজ্ঞা আৰোপ কৰিছে। ২০২৫ চনৰ ১ জানুৱাৰীলৈকে এই নিষেধাজ্ঞা জাৰি কৰা হৈছে। আনকি অনলাইনতো আতচবাজী বিক্ৰী কৰিব নোৱাৰিব বুলিও নিৰ্দেশনা আছে। অৱশ্যে সেউজীয়া আতচবাজীৰ বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰা হোৱা নাই।

দিল্লী প্ৰশাসনে জনোৱা মতে, দীপাৱলীৰ দিনা নিশা ৮ বজাৰ পৰা ১০ বজালৈ সেউজীয়া আতচবাজী ফুটাব পাৰিব। কিন্তু তাৰ পিছতো যে প্ৰদূষণৰ পৰিমাণ হ্ৰাস পাব তাত সন্দেহ আছে৷ দীপাৱলীৰ পুৱা দিল্লীৰ বায়ুৰ মান ৩২৮, যিটো অতি ভয়ানক স্তৰ। ‘ছিষ্টেম অব এয়াৰ কোৱালিটী এণ্ড ৱেডাৰ ফৰকাষ্টিং এণ্ড ৰিছাৰ্চ’ৰ (ছাফাৰ) তথ্য অনুসৰি, বৃহস্পতিবাৰে আনন্দ বিহাৰৰ বায়ুৰ গুণমান ভয়ংকৰ স্তৰত উপনীত হয়। অঞ্চলটোত AQI হৈছে ৪১৯। আনন্দ বিহাৰৰ উপৰি আলিপুৰ, অশোক বিহাৰ, আয়া নগৰ, বাৱানা, বুৰাৰী, দ্বাৰকা আৰু ইন্দিৰা গান্ধী বিমানবন্দৰ অঞ্চলৰ বায়ুৰ গুণমানো অতি নিম্ন।
ইয়াৰ উপৰি জাহাংগীৰপুৰী, মুণ্ডাকা, নৰেলা, ওখলা, প্ৰতাপগঞ্জ, পাঞ্জাবী বাগ, ৰোহিণী, আৰ কে পুৰম, বিবেক বিহাৰ, ৱাজিৰপুৰতো বায়ুৰ গুণমান হ্ৰাস পোৱা বুলি ছাফাৰে প্ৰকাশ কৰিছে।