
উত্তৰ প্ৰদেশৰ বদায়ু (Budaun in Uttar Pradesh)ত এগৰাকী সাত বছৰৰ শিশুকন্যাক ধৰ্ষণৰ পিছত হত্যা (Infant girl murdered after rape)ৰ অভিযোগ। বদায়ু জিলাৰ বিলচি থানা এলেকাত শিশুক ধৰ্ষণ আৰু হত্যাৰ অভিযোগ উত্থাপন হৈছে। শুকুৰবাৰে নিশা ঘৰৰ সমীপৱৰ্তী নিৰ্মাণৰত এটা ঘৰৰ পৰা উদ্ধাৰ কৰে শিশুটিৰ মৃতদেহ। আৰক্ষী অধীক্ষক ব্রিজেশ সিঙে তথ্য লাভ কৰি ঘটনাস্থলীত উপস্থিত হয়৷
অভিযুক্তক বিচাৰি উলিয়াবলৈ চাৰিটা আৰক্ষীৰ দল গঠন কৰা হয়। আনহাতে, মৃতদেহ উদ্ধাৰ কৰাৰ কেইঘণ্টামানৰ ভিতৰতে শনিবাৰে পুৱা ৪ বজাত আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰে। পৰিয়ালৰ সূত্ৰৰ পৰা জানিব পৰা মতে, শুকুৰবাৰে বিয়লি শিশুটি ঘৰৰ সমীপৰ এখন বজাৰলৈ গৈছিল। কিন্তু বহু সময় পাৰ হৈ যোৱাৰ পিছতো ঘৰলৈ উভতি নহাৰ বাবে শিশুটিৰ পিতৃ-মাতৃ চিন্তিত হৈ পৰে। আৰক্ষীৰ ওচৰত নিৰুদ্দেশ গোচৰ দাখিল কৰে। ইয়াৰ পিছত শিশুটিৰ সন্ধান আৰম্ভ হয়। অঞ্চলটোৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰা হয়।

তাৰেই এটা ভিডিঅ’ত শিশুটিক ২২ বছৰীয়া এজন যুৱকৰ সৈতে দেখা যায়। তাৰ পৰাই আৰক্ষীয়ে যুৱকজনক চিনাক্ত কৰি অনুসন্ধান অভিযান আৰম্ভ কৰে। ইয়াৰ পিছতে নিশা প্ৰায় ১০ বজাত ঘৰৰ পৰা ৫০০ মিটাৰ দূৰত্বত নিৰ্মিত এটা ঘৰৰ পৰা আৰক্ষীয়ে শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰে। শিশুটিক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ।
এই ঘটনাৰ তদন্তৰ বাবে জিলা আৰক্ষীয়ে ক্ষিপ্ৰতাৰে চাৰিটা দল গঠন কৰে। শনিবাৰে পুৱা ৪ বজাত বিনপুৰ অঞ্চলত আৰক্ষীয়ে অভিযুক্তৰ অৱস্থান উদ্ধাৰ কৰে। তেওঁলোকৰ দাবী, গ্ৰেপ্তাৰ কৰিবলৈ যোৱাৰ সময়তে আৰক্ষীক গুলীচালনা কৰে অভিযুক্তই। আহত হয় এজন আৰক্ষী জোৱান। আৰক্ষীয়েও উত্তৰত গুলীচালনা কৰাত অভিযুক্তৰ ভৰিত গুলী লাগে। ইয়াৰ পিছতে আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰি চিকিৎসালয়লৈ লৈ যায়।












