
শিক্ষা ক্ষেত্ৰত এইবাৰ অধ্যক্ষৰ (Principal) যৌন কামনাৰ বলি হ’ল এটি শিশু (Children victims of sexual desires)। অভিযোগ অনুসৰি, এই কাৰ্যত বাধা দিয়াত শিশুটিৰ ডিঙি চেপি হত্যা (Child strangled to death) কৰে। কেৱল সেয়াই নহয়, মৃতদেহটো গোটেই দিন গাড়ীত থৈ তাৰ পিছত বিদ্যালয়ৰ চৌহদতে পুতি থয়। গুজৰাটৰ দাহোৰ (Dahoor in Gujarat)ৰ এই ঘটনাক লৈ এতিয়া তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে।
বৃহস্পতিবাৰে বিদ্যালয়ৰ পৰা উদ্ধাৰ কৰে শিশুটিৰ মৃতদেহ। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্তত আগবঢ়োৱাৰ লগে লগে বিস্ফোৰক তথ্য পোহৰলৈ আহিছে। আৰক্ষীৰ সূত্ৰ অনুসৰি, বিদ্যালয়খনৰ অধ্যক্ষই এই ঘটনাত নিজৰ দোষ স্বীকাৰ কৰিছে।

জানিব পৰা মতে, ঘটনাৰ দিনা পুৱা প্ৰায় ১০.২০ বজাত বিদ্যালয়লৈ যাবলৈ অধ্যক্ষৰ গাড়ীত মাতৃয়ে উঠাই দিছিল ছবছৰীয়া শিশুটিক। কিন্তু শিশুটি স্কুল গৈ পোৱা নাছিল। বিদ্যালয়ৰ শিক্ষক আৰু শ্ৰেণীৰ সহপাঠীসকলে এই কথা আৰম্ভণিতে নিশ্চিত কৰে।
আৰক্ষীৰ মতে, তদন্ত আৰু জেৰাত তেওঁলোকে গম পায় যে বিদ্যালয়ৰ ৫৫ বছৰীয়া অধ্যক্ষগৰাকীয়ে স্কুললৈ যোৱাৰ পথত গাড়ীত থকা ছয় বছৰীয়া শিশুটিক যৌন নিৰ্যাতন চলাবলৈ চেষ্টা কৰিছিল। শিশুটিয়ে বাধা দি চিঞৰিবলৈ আৰম্ভ কৰে। পৰিস্থিতি চম্ভালিবলৈ অধ্যক্ষই শিশুটিৰ ডিঙিত চেপি ধৰে। ফলত শিশুটিৰ মৃত্যু হয়। অধ্যক্ষগৰাকীয়ে শিশুটিক গোটেই দিনটো বিদ্যালয়ত নিজৰ গাড়ীতে থৈ দিয়ে। পিছত শিশুটিৰ বেগ-জোতা শ্ৰেণীকোঠাৰ বাহিৰত এৰি বিদ্যালয় চৌহদত শিশুটিৰ মৃতদেহ পুতি থয়। আৰক্ষীয়ে জনোৱা মতে, যদিও প্ৰথম অৱস্থাত অধ্যক্ষই নিজৰ দোষ স্বীকাৰ কৰা নাছিল, পিছলৈ দীৰ্ঘসময় জেৰাৰ অন্তত নিজৰ দোষ স্বীকাৰ কৰে।












