
বিজেপিৰ একাংশ নেতা মন্ত্ৰীয়ে কেইদিনমান ধৰি কংগ্ৰেছৰ নেতা তথা লোকসভাৰ বিৰোধী দলৰ দলপতি ৰাহুল গান্ধীৰ বিৰুদ্ধে অসংসদীয় কথা কৈ আহিছে ৷ বিজেপি দলৰ একাংশ নেতাৰ এয়া প্ৰবৃত্তি যদিও ইয়াকে লৈ দেশত চৰ্চা চলিছে ৷ ক্ষুন্ন হৈছে কংগ্ৰেছ দল ৷

ৰাহুল গান্ধী দেশৰ এক নম্বৰ সন্ত্ৰাসবাদী , ৰাহুল গান্ধীৰ আইতাক ইন্দিৰা গান্ধীৰ দৰেই দশা হ’ব , ৰাহুল গান্ধীৰ জিভা কাটিলে ১১ লাখ টকাৰ পুৰস্কাৰ দিয়া হ’ব আদি কথা কৈছিল বিজেপিৰ নেতা-মন্ত্ৰী তৰৱিন্দ্ৰ সিং মাৰৱা , ৰভিন্ন বিতু , ৰঘুৰাজ সিং আৰু সঞ্জয় গাইৱালে মন্তব্য কৰিছিল ৷ আজি কাৰবি আংলং জিলা কংগ্ৰেছে এই চাৰিগৰাকী নেতাৰ বিৰুদ্ধে ডিফু থানাত এজাহাৰ দাখিল কৰে ৷
জিলা কংগ্ৰেছৰ সভাপতি বিদ্যাছিং ৰংপিয়ে এজাহাৰ দাখিল কৰি কয় যে আইনে ব্যৱস্থা ল’ব লাগে ৷ পিছে শাসক দলৰ নেতা-মন্ত্ৰীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ সাহস আৰক্ষীয়ে যে নকৰে সেয়া নিশ্চিত ৷













