
ইটোৰ পিছত সিটো প্ৰকৃতিৰ ক্ৰোধে আঘাত হানিছে হিমাচল প্ৰদেশত। শুকুৰবাৰে পুৱা অশান্ত হিমালয়ান ৰাজ্যখনত ডাৱৰ বিস্ফোৰণ (Himachal Cloudburst) আৰু ভূমিস্খলনৰ পিছত ভূমিকম্পৰ খবৰো পোৱা গৈছে। প্ৰশাসনৰ সূত্ৰ অনুসৰি, ৰাজ্যখনৰ লাহুল-স্পিতিত এই কম্পন অনুভৱ কৰা হৈছে। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ (Earthquake) তীব্ৰতা আছিল ৩.২। অৱশ্যে ইয়াৰ বাবে কোনো ক্ষয়-ক্ষতিৰ খবৰ পোৱা নাই। কিন্তু ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ মাজতে ভূমিকম্পই আতংক বৃদ্ধি কৰিছে। জল্পনা-কল্পনা আৰম্ভ হৈছে, পুনৰ নতুন প্ৰাকৃতিক দুৰ্যোগ হ’বনেকি?

উল্লেখযোগ্য যে বিগত কিছুদিন ধৰি হিমাচলৰ বিভিন্ন জিলাত বৰষুণ দি আহিছে। বুধবাৰে আৰু বৃদ্ধি পায় বৰষুণৰ পৰিমাণ। আনহাতে, ডাৱৰ বিস্ফোৰণৰ ফলত চিমলা, মাণ্ডী আৰু কুল্লুৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰে। অসমৰ্থিত সূত্ৰৰ খবৰ অনুসৰি, ৰাজ্যখনত ভূমিস্খলন আৰু বৰষুণৰ ফলত ইতিমধ্যে ৩৩ জন লোকৰ মৃত্যু (33 people have already died) হৈছে। ৫০ জন লোক সন্ধানহীন (50 missing) হৈ আছে। অৱশ্যে ৰাজ্য প্ৰশাসনৰ তথ্য অনুসৰি, ১৩ জন লোকৰ মৃত্যু হৈছে। চিমলা, মাণ্ডী আৰু কুল্লুত ৭ জন লোকৰ মৃত্যু হৈছে।
চিমলাৰ সমীপৰ ৰামপুৰত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত সৃষ্টি হৈছে বান পৰিস্থিতি। ফলত নিৰ্মণ্ড, চেঞ্জ, মালানা আৰু মাণ্ডিত বহু ঘৰ জাহ গৈছে। নদীত পৰি দুজন লোকৰ মৃত্যু হোৱাৰ লগতে ৩৬ জন লোক নিৰুদ্দেশ হৈছে। কুলুৰ মণিকৰ্ণা অঞ্চলৰ মালানাত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত ভাঙি পৰে মালানা নদীৰ বান্ধ। বিপাশা নদীও বিপদসীমাৰ ওপৰেৰে বৈ আছে।











