গোলাঘাট জিলাৰ বিশেষ সফলতা অৰ্জন
ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাত:
ৰাষ্ট্ৰীয় পৰ্যায়ত সাঁতুৰি বোকাখাতৰ ধৃতিৰাজ দেৱ শৰ্মা আৰু আৰু বৰ্ণিল চৌধুৰীয়ে কঢ়িয়াই আনিলে অসমলৈ সুনাম আৰু গৌৰৱ। চুইমিং ফেডাৰেশ্যন অব ইণ্ডিয়াৰ উদ্যোগত মহাৰাষ্ট্ৰৰ পুনেৰ শ্ৰীশিৱ চত্ৰপতি শিৱাজী ষ্টেডিয়ামত অনুষ্ঠিত চতুৰ্থ সৰ্বভাৰতীয় আন্তঃক্লাব সাঁতোৰ প্ৰতিযোগিতাত যোৰহাট চুইমিং চচাইটিৰ হৈ অংশ গ্ৰহণ কৰি সুন্দৰ খেল প্ৰদৰ্শনেৰে বোকাখাত মহকুমাৰ ক্ৰমে ধৃতিৰাজ দেৱশৰ্মাই ৫০ মিটাৰ ফ্ৰী ষ্টাইলত সোণ, ২০০ আৰু ১০০ মিটাৰ ফ্ৰী ষ্টাইলত ২ টা ব্ৰঞ্জ আৰু বৰ্ণিল চৌধুৰীয়ে ৫০ মিটাৰ ব্ৰেষ্ট ষ্ট্ৰ’কত ব্ৰঞ্জৰ পদক লাভ কৰি অসমৰ লগতে সমগ্ৰ বোকাখাত অঞ্চললৈকে গৌৰৱ কঢ়িয়াই আনিছে। ধৃতিৰাজ নুমলীগড় দিল্লী পাবলিক স্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ আৰু বোকাখাত মহকুমাৰ নুমলীগড় শোধনাগাৰ নগৰাঞ্চল নিবাসী দেৱজিৎ দেৱশৰ্মা আৰু অনু শৰ্মাৰ কনিষ্ঠ পুত্ৰ। সাঁতোৰৰ লগতে এগৰাকী উদীয়মান গায়ক আৰু চিত্ৰশিল্পী বৰ্ণিল একেখন বিদ্যালয়ৰে অষ্টম শ্ৰেণীৰ ছাত্ৰ আৰু নুমলীগড় শোধনাগাৰ নগৰাঞ্চল নিবাসী সঞ্জীৱ চৌধুৰী আৰু নীনা চৌধুৰীৰ একমাত্ৰ সন্তান। উদীয়মান প্ৰতিভা সম্পন্ন সন্তৰক দুগৰাকীৰ সৰ্বভাৰতীয় পৰ্য্যায়ৰ এনে কৃত্তিত্বই সমগ্ৰ মহকুমাটোলৈকে সুনাম কঢ়িয়াই অনাত উৎফুল্লিত হৈ উঠিছে বোকাখাতবাসী।
আনহাতে একে প্ৰতিযোগিতাত গােলাঘাটৰ জোনাকী নগৰ যুৱক সংঘৰ খেলুৱৈ ক্ৰমে জনঞ্জয়জ্যোতি হাজৰিকাই ৫০ মিটাৰ আৰু ১০০ মিটাৰ বেক ষ্ট্ৰকত সোণ, ৫০ মিটাৰ বাটাৰফ্লাইত ৰূপৰ পদক আৰু ৰোহন দত্তই ৫০ মিটাৰ ফ্ৰী ষ্টাইলত ব্ৰঞ্জৰ পদক অৰ্জন কৰি সাফল্য অর্জন কৰিবলৈ সক্ষম
হয়। গোলাঘাট জোনাকী নগৰ যুৱক সংঘৰ দলটিয়ে গ্ৰুপ-৩ ত ৪×১০০ মিটাৰ ফ্ৰী ষ্টাইল ৰীলেত ৰূপৰ আৰু ৪×১০০ মিটাৰ মেডলি ৰীলেত সোণৰ পদক অৰ্জন কৰে। গ্ৰুপ-৩ ত জনঞ্জয়জ্যোতি শইকীয়াই শ্রেষ্ঠ সাঁতােৰবিদৰ খিতাপ দখল কৰে। উক্ত ক্লাবটোৰ পৰা প্ৰতিযোগিতাত যোগদান কৰা আন খেলুৱৈ সকল হ’ল ক্রমে
অদ্রিক হাজৰিকা, টৌচিক ৰহমান আৰু বৈভৱ
শইকীয়া।













