
যোগগুৰু ৰামদেৱৰ পতঞ্জলি (Patanjali) আয়ুৰ্বেদৰ ‘বিভ্ৰান্তিকৰ আৰু মিছা’ বিজ্ঞাপনৰ বিৰুদ্ধে পুনৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে উচ্চতম ন্যায়ালয়ে। মঙলবাৰে উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিয়ে যে উত্তৰাখণ্ড চৰকাৰৰ অনুজ্ঞাপত্ৰ বিভাগে পতঞ্জলিৰ ১৪টা সামগ্ৰীৰ উৎপাদন বন্ধ কৰিবলৈ, তৎক্ষণাত ডিজিটেল মিডিয়া, ছ’চিয়েল মিডিয়া আৰু অন্যান্য মাধ্যমৰ পৰা তেওঁলোকৰ বিজ্ঞাপন আঁতৰাবলৈ নিৰ্দেশ দিয়ে।

ন্যায়াধীশ হিমা কোহলী আৰু ন্যায়াধীশ সন্দীপ মেহতাৰে গঠিত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে ‘ভাৰতীয় চিকিৎসা সংস্থা’ক (আই এম এ) প্ৰৱঞ্চনামূলক বিজ্ঞাপন প্ৰত্যাহাৰ সন্দৰ্ভত সমগ্ৰ বিষয়টো নিৰীক্ষণৰ দায়িত্ব অৰ্পণ কৰিছে।
উল্লেখ্য, আই এম এয়ে পতঞ্জলিৰ বিৰুদ্ধে বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ বাবে গোচৰ ৰুজু কৰিছিল। এই গোচৰৰ পতঞ্জলিৰ অধিবক্তা মুকুল ৰোহাটগীয়ে মঙলবাৰে উচ্চতম ন্যায়ালয়ত কয় যে ইতিমধ্যে ডিজিটেল মাধ্যমৰ পৰা বিজ্ঞাপনসমূহ প্ৰত্যাহাৰ কৰা হৈছে।
বিগত বৰ্ষৰ নৱেম্বৰ মাহত উচ্চতম ন্যায়ালয়ে পতঞ্জলিক বিভিন্ন ৰোগৰ প্ৰতিকাৰ হিচাপে নিজৰ ঔষধ সন্দৰ্ভত ‘বিভ্ৰান্তিকৰ আৰু ভুৱা’ বিজ্ঞাপনৰ বিৰুদ্ধে সকীয়াই দিছিল।
লগতে মৌখিকভাৱে জনোৱা হৈছিল যে জৰিমনা হ’ব পাৰে। উক্ত গোচৰত চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰক গৰিহণা দিয়ে। গোচৰৰ শুনানিৰ সময়ত দেখা যায় যে এনে বিজ্ঞাপনৰ জৰিয়তে সমগ্ৰ দেশক বিপথে পৰিচালিত কৰা হৈছে। উচ্চতম ন্যায়ালয়ৰ মন্তব্য, “চৰকাৰে চকুমুদি বহি আছে। এইটো বৰ দুৰ্ভাগ্যজনক। চৰকাৰে তৎকালীন ব্যৱস্থা ল’ব লাগিব।”










