সমগ্ৰ বিশ্বৰ লগত সংগতি ৰাখি পাহাৰীয়া জিলা কাৰবি আংলঙৰ সদৰ চহৰ ডিফুতো ইছলাম ধৰ্মালম্বী লোক সকলে ঈদ উল জোহা উলহ- মালহেৰে পালন (Eid-ul-Adha celebrated in Diphu) কৰে৷ ঈদ-ঊল-জোহা উপলক্ষে ডিফু মছজিদ প্ৰাঙ্গনত পুৱা ৮ বজাত ডিফু জামে মছজিদত (Diphu Jame Masjid) আলাহাজ মৌলানা গিয়াছ উদ্দিনৰ ইমামতিত্বত ঈদ উল জোহাৰ ২ ৰাকাত ৱাজিব নামাজ (Prayers) আৰু খুতবা আদায় কৰা হয়৷
দ্বিতীয়টো জামাত হাফিজ বদৰুল ইছলামৰ ইমামতিত্ব সম্পন্ন কৰা হয়৷ নামাজৰ শেষত মৃতকৰ ৰূহৰ বাবে আল্লাহৰ ওচৰত দোৱা কৰে৷ সমজোৱা দোৱা প্ৰাৰ্থনাৰ জৰিয়তে ইমাম আলহাজ মৌলানা গিয়াছ উদ্দিনে সমূহীয়াকৈ ঈদ উজ্জোহাৰ নামাজ আদায় কৰিবলৈ পাই আল্লাহৰ ওচৰত কৃতজ্ঞতা জাপন কৰে৷
বিশ্ব শান্তিৰ লগতে ভাৰত , অসম আৰু কাৰবি আংলং ভাতৃত্ববোধ আৰু সম্প্ৰিতীৰ বাবে দোৱা মাগফেৰাত কৰে বুলি কয়৷ ঈদৰ নামাজ আদায় কৰাৰ পিছত চৰকাৰী আইন অনুসৰি কুৰ্বাানি আদায় কৰা হব বুলি জানিবলৈ দিয়ে ইমাম গিয়াছ উদ্দিন কাছিমীয়ে ৷ নামাজৰ শেহত ইজনে সিজনক স্নেহালিংগন কৰি ঈদ উজ্জোহাৰ শুভেচ্ছা জ্ঞাপন কৰা পৰিলক্ষিত হয়৷ আনহাতে ঈদৰ পৱিত্ৰ ক্ষণত প্ৰতিগৰাকী ইছলাম ধৰ্মালম্বী লোকৰ ঘৰত সুস্বাধু ব্যঞ্জন, চেৱই, মিঠৈ পিঠাপনা আদিৰে অতিথি আপ্যায়ন কৰা হয়৷