কাৰ্বি আংলং (Karbi Anglong) জিলাৰ বৰপথাৰ আৰক্ষীয়ে আজি তালাচী অভিযান চলাই কেইবা কোটি টকাৰ মৰফিনসহ এখন বাহন জব্দ কৰাৰ লগতে এটা সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হয়।
![বৰপথাৰত চাৰি কোটি টকাৰ মৰফিনসহ বাহন জব্দ, সৰবৰাহকাৰী আটক 3 বৰপথাৰত চাৰি কোটি টকাৰ মৰফিনসহ বাহন জব্দ](https://i0.wp.com/assamtimespost.in/wp-content/uploads/2024/06/IMG-20240616-WA0048.jpg?resize=1258%2C720&ssl=1)
প্ৰাপ্ত তথ্য অনুসৰি, বৰপথাৰ থানাৰ অন্তৰ্গত খকৰাজানত ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত আৰক্ষীয়ে চলোৱা নিয়মীয়া তালাচীৰ সময়তে এই বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰা হয়। মণিপুৰৰ পৰা গুৱাহাটী অভিমুখে আহি থকা ডব্লিউ বি – ২৬- টি – ২৮৪১ নম্বৰৰ চুইফট ডিজায়াৰ বাহনখনত চলোৱা তালাচীৰ সময়ত বাহনখনৰ পৰা আৰক্ষীয়ে ১৬ টা পেকেটত লুকুৱাই ৰখা ৮ কেজি ৩৩ গ্ৰাম মৰফিন আৰক্ষীয়ে জব্দ কৰে।
বাহনখনৰ পিছফালৰ দুয়োটা চকাৰ মাডগাৰ্ডৰ ওপৰৰ ʼবডীʼ অংশত কৌশলেৰে লুকুৱাই মৰফিনখিনি সৰবৰাহৰ চেষ্টা কৰা হৈছিল। জব্দ হোৱা মৰফিনখিনিৰ বজাৰমূল্য কমেও প্ৰায় চাৰি কোটি টকা। এই সন্দৰ্ভত আৰক্ষীয়ে মণিপুৰৰ ভীমছিং লিম্বু নামৰ সৰবৰাহকাৰীটোক আটক কৰি তদন্ত অব্যাহত ৰাখিছে।