জম্মু-কাশ্মীৰ (J&K)ৰ কঠুৱা জিলাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণ (Terrorist attack in Kathua district)ৰ লগত পাকিস্তান জড়িত থকাৰ সন্দেহ তদন্তত ঘনীভূত হৈছে। উল্লেখ্য, যোৱা মঙলবাৰে নিশা কঠুৱাৰ এখন গাঁৱত প্ৰৱেশ কৰি দুই সন্ত্ৰাসবাদীয়ে (Two terrorists enter Kathua village) গুলীচালনা কৰে। নিৰাপত্তাৰক্ষীৰ মাজত হোৱা এনকাউণ্টাৰত দুয়োজনেই নিহত (Both killed in encounter) হয়। সূত্ৰ অনুসৰি, ইয়াৰে এজন হৈছে সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদৰ সদস্য (Members of Jaish-e-Mohammed) ৰিহান। আন এজন ব্যক্তি আছিল তেওঁৰ ব্যক্তিগত নিৰাপত্তাৰক্ষী বিষয়া।
আৰক্ষীৰ সূত্ৰ অনুসৰি, সন্ত্ৰাসবাদী দুটাৰ পৰা আগ্নেয়াস্ত্ৰ আৰু কিছু সামগ্ৰী উদ্ধাৰ কৰা হৈছে। আনহাতে, সন্ত্ৰাসবাদীৰ আঁৰত পাকিস্তান সেনাবাহিনী আছে বুলি সন্দেহ কৰা হৈছে। জম্মু-কাশ্মীৰৰ এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই কয়, “সন্ত্ৰাসবাদীৰ পৰা নাইটস্কোপ আৰু ফ্ৰিকুৱেন্সি চেটেলাইট কমিউনিকেচন ডিভাইচ থকা এম ৪ ৰাইফল উদ্ধাৰ (M4 rifle with satellite communication device recovered) কৰা হৈছে। লগতে তেওঁলোকে মাইক্ৰ’ চেটেলাইট ফোন ব্যৱহাৰ কৰি আছিল। এই যন্ত্ৰটো সাধাৰণতে পাকিস্তান সেনা, নৌসেনা আৰু বায়ুসেনাই ব্যৱহাৰ কৰে।”
উল্লেখ্য যে এই সপ্তাহটোত জম্মু-কাশ্মীৰত একাধিক সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছে। জম্মুৰ শিৱখাদী মন্দিৰৰ পৰা বৈষ্ণো দেৱী মন্দিৰলৈ তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া বাছত আক্ৰমণ কৰে সন্ত্ৰাসবাদীয়ে। এই আক্ৰমণৰ ফলত বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰি পৰে। ফলত ১০ জন ভক্তৰ মৃত্যু হয়। ইয়াৰ পিছত মঙলবাৰে নিশা জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীয়ে দুটা আক্ৰমণ সংঘটিত কৰে। কঠুৱাৰ উপৰি ডোডাৰ এটা সেনাঘাটিতো আক্ৰমণ কৰে। সীমান্তৰক্ষী বাহিনীৰ সৈতে সংঘৰ্ষও হয়। এই আক্ৰমণত কমেও ৬ গৰাকী সেনা জোৱান আহত হয়।