নীট ইউজিৰ চিকিৎসা প্ৰৱেশ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল আৰু অন্যান্য বিসংগতিৰ অভিযোগ উত্থাপন সন্দৰ্ভত কেইবাটাও পক্ষই চিবিআইৰ তদন্তৰ দাবী জনাইছে । এই গোচৰত উচ্চতম ন্যায়ালয়ে নীটৰ (NEET) আয়োজক এনটিএলৈ (NTA) জাননী প্ৰেৰণ কৰে। দুসপ্তাহৰ ভিতৰত উচ্চতম ন্যায়ালয়ত নিজৰ বক্তব্য দিব লাগিব। আনহাতে, কেন্দ্ৰয়ো ৮ জুলাইৰ ভিতৰত বিবৃতি দিব লাগিব।
![SC notice to NTA I নীট পৰীক্ষাৰ কেলেংকাৰি, এনটিএ-কেন্দ্ৰলৈ জাননী ছুপ্ৰিম কোৰ্টৰ 3 SC notice to NTA I](https://i0.wp.com/assamtimespost.in/wp-content/uploads/2023/03/Delhi-SupremeCourt-nocredit-June2021-750x536-1.jpeg?resize=750%2C536&ssl=1)
উল্লেখ্য যে এই সন্দৰ্ভত উচ্চ ন্যায়ালয়ত কেইবাটাও গোচৰ ৰুজু হৈছে। ইফালে উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে বিভিন্ন আবেদনকাৰীক জাননী জাৰি কৰি সকলো গোচৰ উচ্চতম ন্যায়ালয়লৈ হস্তান্তৰ কৰে।
আনহাতে, নীটত বৃহৎ অমিলৰ অভিযোগ উত্থাপন হোৱাৰ পাছতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী কিয় মৌন হৈ আছে বুলি প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছে। লগতে অভিযোগ, এনটিএ আৰু শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক দুৰ্নীতি ঢাকিবলৈ ব্যৱহাৰ কৰা হৈছে। সেয়ে উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত স্বতন্ত্ৰ তদন্তৰো দাবী জনায়। অৱশ্যে শিক্ষামন্ত্ৰীয়ে কয় যে কোনো ধৰণৰ অনিয়ম সহ্য কৰা নহ’ব।
শুকুৰবাৰে ন্যায়াধীশ বিক্ৰম নাথ আৰু ন্যায়াধীশ সন্দীপ মেহতাৰ অৱসৰকালীন বিচাৰপীঠত এনটিএৰ হৈ নীট সম্পৰ্কীয় কেইবাটাও বিষয়ত বক্তব্য দাখিল কৰা হয়।
এই গোচৰৰ উত্তৰ দিবলৈ উচ্চতম ন্যায়ালয়ে চিবিআই আৰু বিহাৰ চৰকাৰক দুসপ্তাহৰ সময় দিছে। আদালতে লগতে কয় যে গ্ৰীষ্মকালীন ছুটীৰ পিছত ৮ জুলাইত জনস্বাৰ্থৰ গোচৰৰ শুনানি হ’ব। উল্লেখ্য, দুৰ্নীতিৰ অভিযোগ উত্থাপন হোৱাৰ পিছৰে পৰা গুজৰাটৰ গোধৰাৰ এটা পৰীক্ষা কেন্দ্ৰক লৈ চৰ্চা আৰম্ভ হৈছে।
উচ্চতম ন্যায়ালয়ৰ এজন আবেদনকাৰীয়ে এই প্ৰশ্ন উত্থাপন কৰিছিল, কিয় পৰীক্ষা দিবলৈ গোধৰাৰ এটা বিশেষ কেন্দ্ৰ বাছি লৈছিল কৰ্ণাটক, ঝাৰখণ্ড আৰু ওড়িশাৰ পৰীক্ষাৰ্থীয়ে? অভিযোগ অনুসৰি, পৰীক্ষা কেন্দ্ৰটো বাছনি কৰিবলৈ প্ৰায় ২.৩ কোটি টকাৰ লেনদেন কৰা হৈছিল। এতিয়ালৈকে ৰাজ্যখনত ৫ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
একেদৰে পাটনাত নীটৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগতো তদন্ত আৰম্ভ হৈছে। বিহাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কমেও ১৯ জন লোকক। উত্তৰ প্ৰদেশতো ৬০ কোটি টকাৰ লেনদেনৰ অভিযোগ উত্থাপন হৈছে।