লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছৰে পৰা আৰ এছ এছৰ নেতৃত্বই (RSS leader) নৰেন্দ্ৰ মোডী-অমিত শ্বাহক আক্ৰমণৰ লক্ষ্য কৰি আহিছে। আৰ এছ এছৰ অন্যতম শীৰ্ষ নেতা ইন্দ্ৰেশ কুমাৰে এইবাৰ লোকসভা নিৰ্বাচনৰ ফলাফলক লৈ বিজেপিক সমালোচনা কৰে। তেওঁ কয়, “ৰামক পূজা কৰিও যি দল অহংকাৰী হৈ পৰিল, তেওঁলোকে (বিজেপি) ২৪১খন আসন লাভ কৰিয়ো থমকি ৰ’বলগা হ’ল।”
![RSS leader slams BJP I এয়া অহংকাৰৰ ফল, সংঘৰ নেতাৰ পুনৰ বিজেপিক আক্ৰমণ 3 RSS leader slams BJP I](https://i0.wp.com/assamtimespost.in/wp-content/uploads/2024/06/IMG_20240615_124322.jpg?resize=1200%2C900&ssl=1)
উল্লেখ্য, বিগত দহ বছৰত বিজেপিৰ হাতত সংখ্যাৰ শক্তি থকাৰ বাবে আৰ এছ এছে বিভিন্ন বিষয়ত মুখ খুলিব পৰা নাছিল। একেদৰে বিজেপিৰ একাংশ নেতায়ো সংঘক তেনেদৰে গুৰুত্ব দিয়া নাই। লোকসভাৰ ফলাফলৰ কিছুদিন পূৰ্বে এক সাক্ষাৎকাৰত কাৰ্যত এই কথা স্বীকাৰ কৰিছিল বিজেপিৰ সভাপতি জে পি নাড্ডাই।
এইবাৰ নিৰ্বাচনত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা নোপোৱাৰ পিছত সংঘৰ নেতৃত্বই ৰাজহুৱাভাৱে মত প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিছে। প্ৰথমে সংঘৰ প্ৰমুখ মোহন ভাগৱতে কাৰো নাম নোলোৱাকৈ এটা বাৰ্তা দিয়ে, প্ৰধান সেৱক নম্ৰ হ’ব লাগে। এই বাৰ্তা মোডীৰ বাবেই যে আছিল, তাত কোনো সন্দেহ নাই। মুখপাত্ৰ ‘অৰ্গেনাইজাৰ’ত আৰ এছ এছে এন ডি এৰ মিত্ৰজোঁটত দুৰ্নীতিগ্ৰস্ত নেতাক অন্তৰ্ভুক্ত কৰাক সমালোচনা কৰে।
এইবাৰ আৰ এছ এছৰ আন এজন শীৰ্ষ নেতা ইন্দ্ৰেশ কুমাৰে বিজেপি নেতাৰ অহংকাৰক সমালোচনা কৰে। ইয়াৰ পৰা এটা কথা স্পষ্ট যে ইমান দিনে মৌন হৈ থাকিলেও সংঘৰ নেতাসকলে বুজাব বিচাৰিছে যে আগন্তুক দিনত সংঘৰ নেতৃত্বই বিজেপিৰ প্ৰতিটো খোজৰ ওপৰত আৰম্ভণিৰে পৰা চকু ৰাখিব।
অৱশ্যে নিৰ্বাচনৰ পিছত সংঘৰ এই সতৰ্কবাণীক বিশেষ গুৰুত্ব দিবলৈ অনিচ্ছুক কংগ্ৰেছ। দলৰ মুখপাত্ৰ পৱন খেৰাই কয়, “এতিয়া কোনেও আৰ এছ এছৰ কথা চিন্তা নকৰে। আনকি প্ৰধানমন্ত্ৰী মোডীয়েও আৰ এছ এছক গুৰুত্ব নিদিয়ে। আমি কিয় দিব লাগে।”
উল্লেখ্য যে সংঘৰ সাংগঠনিক সূত্ৰ মতে, ৩১ আগষ্টৰ পৰা ২ ছেপ্টেম্বৰলৈ কেৰালাৰ পলাক্কাডত আৰ এছ এছৰ বৈঠক অনুষ্ঠিত কৰি লোকসভা নিৰ্বাচনত বিজেপিৰ ফলাফল পুনৰীক্ষণ কৰিব।