২২ জুলাইৰ পৰা আৰম্ভ হ’ব সংসদৰ বৰ্ষাকালীন অধিবেশন (Monsoon Session of Parliament)। ৯ আগষ্টত ইয়াৰ অন্ত পৰিব। সূত্ৰ অনুসৰি, অধিবেশনৰ প্ৰথমদিনাই (First day) বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট দাখিল (Nirmala Sitharaman presents budget) কৰিব। এই অধিবেশনত আন কেইবাটাও গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হ’ব বুলিও খবৰ পোৱা গৈছে। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজুজুৱে নিজৰ এক্স হেণ্ডেলত লিখিছে যে ২৪ জুনত (14th June) ১৮ সংখ্যক লোকসভাৰ প্ৰথম অধিবেশন আৰম্ভ হ’ব। ৩ জুলাইত ইয়াৰ অন্ত পৰিব।
উল্লেখ্য, কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ১ ফেব্ৰুৱাৰীত অন্তৰ্ৱৰ্তীকালীন বাজেট দাখিল কৰিছিল। তাত তেওঁ বিগত ১০ বছৰত মোডী চৰকাৰৰ সাফল্যৰ ওপৰত আলোকপাত কৰে। উক্ত বাজেটত আন্তঃগাঁথনি নিৰ্মাণৰ পৰা সংস্থাপন সৃষ্টিৰ পৰিৱেশ সৃষ্টি কৰাত গুৰুত্ব দিয়া হৈছিল। অৱশ্যে অহা ২৪ জুনৰ পৰা আৰম্ভ হ’বলগীয়া অধিবেশনত লোকসভাৰ অধ্যক্ষ বাছনি কৰা হ’ব। ২৪ আৰু ২৫ জুনত সংসদৰ নতুন সদস্যই শপত গ্ৰহণ কৰিব।