মণিপুৰৰ মুখ্যমন্ত্ৰী (Chief Minister of Manipur) এন বীৰেণ সিঙৰ নিৰাপত্তাৰক্ষীৰ কনভয়ত আক্ৰমণ (Attack on security forces convoy)। জানিব পৰা মতে, সোমবাৰে পুৱা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীৰ কনভয়ত অতৰ্কিতে আক্ৰমণ চলায় দুষ্কৃতিকাৰীয়ে। এই আক্ৰমণত গুৰুতৰভাৱে আহত হয় এজন আৰক্ষী (Policeman was injured)।
আৰক্ষীৰ সূত্ৰ অনুসৰি, ইম্ফলৰ পৰা প্ৰায় ২৬ কিলোমিটাৰ দূৰত্বত অৱস্থিত টি লাইজং গাঁৱৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথত হঠাতে এদল দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰে। কনভয়ক লক্ষ্য কৰি নিৰ্বিচাৰে গুলীচালনা আৰম্ভ কৰে। গুলীচালনাত আহত হয় মইৰাংথেম আজেশ নামৰ এজন আৰক্ষী। তেওঁ বিষ্ণুপুৰ জিলাৰ থাংগা নগৰম লেইকাইৰ বাসিন্দা। তেওঁৰ সোঁ কান্ধত গুলী লাগে বুলি জানিব পৰা গৈছে। তেওঁক ততাতৈয়াকৈ ইম্ফলৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। তাতে চিকিৎসাধীন হৈ আছে আজেশ।
উল্লেখযোগ্য যে যোৱা বৃহস্পতিবাৰৰ পৰা মণিপুৰত এই উত্তেজনা বিয়পি পৰিছে। মণিপুৰৰ জিৰিবাম জিলাত মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত সংঘৰ্ষৰ (Clash between Meitei and Kuki peoples) ফলত মৃত্যুৰ ঘটনাৰ লগতে বহু লোকে ঘৰ এৰি পলায়ন কৰিছে। সংবাদ সংস্থা পিটিআইৰ তথ্য অনুসৰি, কুকি উগ্ৰপন্থীৰ আক্ৰমণৰ সন্মুখীন হৈ ইতিমধ্যে ২০০ৰো অধিক মেইটেই গাঁৱৰ লোকে অঞ্চলটো ত্যাগ কৰিছে। স্থানীয় গিকি ক্ৰীড়া কমপ্লেক্সৰ সাহায্য শিবিৰত তেওঁলোকক ৰখা হৈছে।
জিৰিবাম জিলাৰ লামটাই খুনু, ডিবং খুনু, নুনখাল আৰু বেগ্ৰা গাঁৱত সন্দেহযুক্ত কুকি উগ্ৰপন্থী (Suspected Kuki militants)য়ে মেইটেইৰ বহু ঘৰ জ্বলাই দিয়াৰ অভিযোগ (Allegations of burning of houses) উত্থাপন হৈছে। কুকিৰ ওপৰত প্ৰতিশোধমূলক আক্ৰমণ আৰু ঘৰ জ্বলোৱাৰ অভিযোগ মেইটেই সংগঠন আৰম্বাই টেংগলৰ সদস্যৰ বিৰুদ্ধে।