সমগ্ৰ দেশ এতিয়া গ্ৰীষ্মপ্ৰৱাহ (country is now in the heat)ৰ কবলত। তাৰ মাজতে ৰাজস্থানত পোহৰলৈ আহিছে প্ৰচণ্ড গৰমৰ ফলত ১২ জন লোকৰ মৃত্যুৰ (At least 12 people killed in heavy heat in Rajasthan) খবৰ। অৱশ্যে আনুষ্ঠানিকভাৱে এই তথ্য মানি লোৱা হোৱা নাই। জানিব পৰা মতে, ৰাজ্যখনৰ জালৌৰত ৪ জন লোকৰ মৃত্যু হয়। আনহাতে, বৃহস্পতিবাৰে তাপমাত্ৰা ৪৮ ডিগ্ৰী অতিক্ৰম কৰা বাৰ্মেৰত (Temperatures cross 48 degrees Celsius in Barmer) দুজনৰ মৃত্যু হয়।
![Heat stroke causes death in Rajasthan I ৰাজস্থানত হিটষ্ট্ৰ’কত আক্ৰন্ত হৈ ১২ জনৰ মৃত্যু 3 ৰাজস্থানত হিটষ্ট্ৰ’কত আক্ৰন্ত হৈ ১২ জনৰ মৃত্যু](https://i0.wp.com/assamtimespost.in/wp-content/uploads/2024/05/Raj1.jpg?resize=1044%2C569&ssl=1)
আলৱাৰ, ভিলৱাৰা, বালোতৰা আৰু জয়ছালমেৰৰ পৰাও মৃত্যুৰ খবৰ পোৱা গৈছে। ৰাজস্থানৰ মন্ত্ৰী কিৰোৰী লাল মীনাই কয় যে চৰকাৰে মৃতকৰ পৰিয়ালক সাহায্য প্ৰদান কৰিব। গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে তাপমাত্ৰা বৃদ্ধি পোৱা বুলিও তেওঁ দাবী কৰে। লগতে তেওঁ কয় যে গ্ৰীষ্মকালত সকলোৱে সাৱধান হ’ব লাগে। পঞ্জাব, হাৰিয়ানা, গুজৰাট, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশতো ৪৫ ডিগ্ৰী তাপমাত্ৰা ৰেকৰ্ড কৰা বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। ইতিমধ্যে আই এম ডিয়ে ৰাজস্থান, পঞ্জাব, হাৰিয়ানা, চণ্ডীগড়, দিল্লীৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে। লগতে আগন্তুক তিনিদিনলৈ এই উষ্ণতা অব্যাহত থাকিব বুলিও জানিবলৈ দিয়ে আই এম ডিয়ে।