ভোটাৰৰ সংখ্যা ৫৮৭ জন। তাৰে ভিতৰত ভোট দিলে মাত্ৰ চাৰিজনে। চলিত লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত উত্তৰাখণ্ডৰ (Uttarakhand) এখন গাঁৱৰ এই তথ্য পোহৰলৈ আহিছে। উল্লেখযোগ্য যে প্ৰথম পৰ্যায়ত ৰাজ্যখনৰ আটাইতকৈ দূৰৱৰ্তী বুথটো আছিল কানাৰ গাঁৱত। গাঁওখন এখন পাহাৰীয়া গাওঁ। দুৰ্গম পথ। কিন্তু ৫৮৭ জন ভোটাৰৰ বাবে চাৰিজনীয়া নিৰ্বাচনী কৰ্মীৰ এটা দলে নিৰ্বাচনৰ চাৰি দিন পূৰ্বে ভোট গ্ৰহণ কৰিবলৈ ৰাওনা হয়।
কিন্তু তেওঁলোকে ১০০ কিলোমিটাৰ পাহাৰীয়া পথৰ যাত্ৰাৰ পিছত গাঁওখনত উপস্থিত হৈ তেওঁলোক হতাশ হয়। ভোটৰ বাবে সকলো ব্যৱস্থা কৰা হৈছিল যদিও ভোট দিবলৈ ভোটাৰসকল অহা নাছিল। তাৰ মাজত অৱশ্যে চাৰিজনে মান ৰক্ষা কৰে। অন্যথা নিৰ্বাচনী কৰ্মীসকলে খালী হাতেৰে ঘূৰি আহিব লাগিলহেঁতেন। চাৰিটা ভোট সংগ্ৰহ কৰাৰ পিছত শনিবাৰে নিৰ্বাচনী কৰ্মীসকল উভতি আহে।
কিন্তু গাওঁবাসীয়ে কিয় ভোটদানৰ পৰা আঁতৰি থাকিল? প্ৰায় ৬০০ জন ভোটাৰৰ ভিতৰত মাত্ৰ চাৰিজনে কিয় ভোট দিলে? তাৰ কাৰণ হ’ল পথ ব্যবস্থা। যি পথৰ বাবে তেওঁলোকৰ জীৱিকা সমস্যাৰ সন্মুখীন হৈছে। অৱশ্যে এইটো প্ৰথমবাৰৰ বাবে নহয়। গাঁওবাসীয়ে ২০১৯ লোকসভা নিৰ্বাচনো বৰ্জন কৰিছিল। তেওঁলোকে তেতিয়াৰে পৰাই এটা ৰাস্তা বিচাৰি আছিল। সেই সময়ত গাওঁখনৰ এজনো ব্যক্তিয়ে ভোট দিয়া নাছিল। কিন্তু পাঁচ বছৰ পাৰ হৈ গ’ল, পুনৰ নিৰ্বাচন আহিল। কিন্তু গাঁওবাসীয়ে অভিযোগ কৰিছে যে তেওঁলোকৰ দাবী পূৰণ নহ’ল। দুৰ্গম পথ পাৰ হোৱাৰ পিছতহে যাতায়াত কৰিব পাৰে। গাওঁবাসীৰ অভিযোগ যে তেওঁলোকে প্ৰতিদিনে নিজৰ জীৱন বিপদত পেলাব লাগে।
আনহাতে, নিৰ্বাচনী কৰ্মীসকলে কয় যে তেওঁলোকে মঙলবাৰে পিথোৰাগড় এৰিছিল।প্ৰথমে তেওঁলোকে বাছযোগে ৮০ কিলোমিটাৰ ভ্ৰমণ কৰিছিল। তাৰ পিছত বাৰাম পায়গৈ। তাত ৰাতিটো কটোৱাৰ পিছত তেওঁলোকে বুধবাৰে পুৱা পাহাৰৰ দুৰ্গম পথেৰে গাঁওখনলৈ ৰাওনা হয়। দুজন লোকক ই ভি এম আৰু অন্যান্য ভোটদান সামগ্ৰী কঢ়িয়াবলৈ লৈ যোৱা হৈছিল। তেওঁলোকে ১৬ কিলোমিটাৰ খোজ কাঢ়ি বুধবাৰে সন্ধিয়া ৭ বজাত কানাৰ গাঁৱত উপস্থিত হয়।