সম্পূৰ্ণ থলুৱাভাৱে নিৰ্মিত ক্ৰুজ মিছাইল ‘নিৰ্ভয়’ (Nirbhay) ৰ ওড়িশাৰ উপকূলত সফলতাৰে উৎক্ষেপণ পৰীক্ষা কৰা হয়। ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেচনে বৃহস্পতিবাৰে ওড়িশাৰ চণ্ডীপুৰত এই ক্ষেপণাস্ত্ৰৰ পৰীক্ষণ কৰে। ডি আৰ ডি অ’ৰ এই পৰীক্ষা সম্পূৰ্ণ সফল হৈছে। ডি আৰ ডি অ’ৰ মতে, ভাৰতৰ আটাইতকৈ নিৰ্ভৰযোগ্য ক্ৰুজ মিছাইলৰ নিখুঁতভাৱে নিক্ষেপ কৰা হয়।
চণ্ডীপুৰৰ উপকূলত ‘নিৰ্ভয়’ৰ সফল উৎক্ষেপণৰ লগে লগে ভাৰতীয় সেনাৰ শক্তি বৃদ্ধি পালে। ইয়াৰ ফলত বাংগালুৰুৰ গেছ টাৰ্বাইন গৱেষণা প্ৰতিষ্ঠানৰ থলুৱা প্ৰযুক্তিত নিৰ্মাণ প্ৰযুক্তিৰ নিৰ্ভৰযোগ্যতাও বহু পৰিমাণে বৃদ্ধি পায়। জানিব পৰা মতে, পৰীক্ষাৰ সময়ত মিছাইলত থকা সকলো সঁজুলিয়ে নিখুঁতভাৱে কাম কৰিছে। ক’তো কোনো ধৰণৰ সমস্যা দেখা পোৱা নাই। ৰাডাৰ, ইলেক্ট্ৰ’-অপ্টিকেল ট্ৰেকিং চিষ্টেম আৰু টেলিমেট্ৰিৰ দৰে একাধিক ৰেঞ্জৰ চেন্সৰ প্ৰযুক্তিৰ জৰিয়তে উৎক্ষেপণ প্ৰক্ৰিয়াটো নিৰীক্ষণ কৰা হয়।
ডি আৰ ডি অ’ৰ দাবী যে লক্ষ্যত আঘাত কৰি শত্ৰুক হত্যা কৰাত ‘নিৰ্ভয়’ৰ সফলতাৰ হাৰ ৯০ শতাংশ। ইয়াৰ পূৰ্বে ১২ মাৰ্চত মুকলি কৰা হৈছিল ‘নিৰ্ভয়’। কিন্তু কাৰিকৰী গ্লিচৰ বাবে উৎক্ষেপণৰ মাজভাগতে ই ভাঙি যায়। ইয়াৰ পিছত ২০১৪ চনত এই ক্ষেপণাস্ত্ৰ সফলতাৰে নিক্ষেপ কৰা হয়। ২০১৫ আৰু ২০১৬ চনত দুবাৰকৈ নিৰ্ভয় মুকলি কৰা হৈছিল যদিও নিখুঁত লক্ষ্যত উপনীত নহ’ল।
তাৰ পিছত ২০১৭ চনত পুনৰ আৰম্ভ হৈছিল নিৰ্ভয় নিৰ্মাণ প্ৰক্ৰিয়া। ২০১৯ চনত চূড়ান্ত পৰীক্ষাৰ অন্তত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ নেতৃত্বত ‘কমিটি অন ডিফেন্স ইকুইপমেণ্ট প্ৰকিউৰমেণ্ট’-এ ‘নিৰ্ভয়’ক ভাৰতীয় সেনাবাহিনীত অন্তৰ্ভুক্ত কৰাৰ বাবে অনুমতি প্ৰদান কৰে। বৃহস্পতিবাৰে ওড়িশা উপকূলত পুনৰ এই ক্ষেপণাস্ত্ৰৰ পৰীক্ষামূলক উৎক্ষেপণ সফল হয়।