দেশত আজি অনুষ্ঠিত হৈছে আগন্তুক লোকসভাৰ (Lok sabha elections 2024) বাবে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। শেহতীয়া খবৰ অনুযায়ী দুই-এটা বিক্ষিপ্ত ঘটনাৰ বাদে সামগ্ৰিকভাৱে চলি আছে ভোট গ্ৰহণ প্ৰক্ৰিয়া। দিনৰ ১১ বজা পৰ্যন্ত সমগ্র দেশৰ ভোটদানৰ হাৰ হৈছে প্ৰায় ২৫ শতাংশ। আনহাতে, অসমত ইয়াৰ হাৰ হৈছে প্ৰায় ২৫ শতাংশ। উল্লেখযোগ্য যে অসমত প্ৰথম পৰ্যায়ত পাঁচটা লোকসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হৈছে।
এইবাৰৰ নিৰ্বাচনত নৰেন্দ্ৰ মোডী মন্ত্ৰীসভাৰ গৰাকী মন্ত্ৰী প্ৰথম পৰ্যায়ত অৱতীৰ্ণ হৈছে। আনহাতে, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ এই নিৰ্বাচনৰ প্ৰাৰ্থী। শুকুৰবাৰে দেশৰ ২১খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। ২০১৯ চনত বিজেপি নেতৃত্বাধীন এনডিএয়ে উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যতে ব্যাপক জয়লাভ কৰিছিল। কিন্তু এইবাৰ কিছু আসনত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ’ব।
আনহাতে, এই ৰাজ্যকেইখনৰ পৰা ১ কোটি ৬০ লাখ লোকে প্ৰথম পৰ্যায়ত ভোটদান কৰাৰ সম্ভাৱনা আছে। পুৱাৰে পৰা অসমৰ কেইবাটাও বুথৰ বাহিৰত দীঘলীয়া শাৰী দেখা গৈছে।
ইয়াৰ উপৰি সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে মণিপুৰৰ ওপৰত। উল্লেখযোগ্য যে আজি ভোটদানৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ জনসাধাৰণক শুভেচ্ছা জনায়। তেওঁ ‘এক অভিলেখ সংখ্যক ভোট দিয়ক’ বুলি ছয়টা ভাষাত দেশবাসীক আহ্বান জনায়।
উল্লেখযোগ্য যে পুৱা ৭ বজাৰ পৰা সমগ্ৰ দেশতে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ হয়। ভোটগ্ৰহণ আৰম্ভ হোৱাৰ ঠিক পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিজৰ এক্স হেণ্ডেলত পোষ্ট কৰি দেশবাসীক অভিলেখ সংখ্যক ভোটদান কৰিবলৈ আহ্বান জনায়।
তেওঁ মুঠ ছয়টা ভাষাত পোষ্ট কৰে— ইংৰাজী, হিন্দী, তামিল, মাৰাঠী, বাংলা আৰু অসমীয়া। মোডীয়ে নিজৰ পোষ্টত লিখিছে, “ভোটাৰসকলৰ প্ৰতি মোৰ আবেদন অভিলেখ সংখ্যক ভোটদান কৰক। যুৱক-যুৱতী আৰু প্ৰথমবাৰৰ বাবে ভোটদাতাসকলক বৃহৎ সংখ্যক ভোটদান কৰিবলৈ আহ্বান জনাইছো। কাৰণ প্ৰতিটো ভোটৰ হিচাপ আৰু প্ৰতিটো কণ্ঠই গুৰুত্বপূৰ্ণ।”