শ্ৰীনগৰত (Sri Nagar) নৌকা দুৰ্ঘটনাত কমেও চাৰিজন লোকৰ মৃত্যু হয়। আনহাতে, আহত হৈছে কমেও তিনিজন লোক। তেওঁলোকক উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। অৱশ্যে এতিয়াও বহু লোক নিৰুদ্দেশ হৈ থকা বুলি জানিব পৰা গৈছে।
ৰাজ্যখনৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। প্ৰাপ্ত খবৰ অনুসৰি, মঙলবাৰে ঝিলাম নদীত এখন যাত্ৰীভৰ্তি নাও লুটি খাই পৰে। নাওখনত ১০-১২ গৰাকী স্কুলীয়া ছাত্ৰ-ছাত্ৰী আছিল।
তেওঁলোক সকলোৱে পানীত ডুব যায়। এই পৰ্যন্ত ৭ জন লোকক উদ্ধাৰ কৰা হৈছে। ইয়াৰে চাৰিজনৰ মৃত্যু হৈছে। বাকীবোৰৰ অৱস্থা সঙ্কটজনক বুলি জানিব পৰা গৈছে। আনহাতে, ইয়াৰে একাংশ এতিয়াও সন্ধানহীন হৈ আছে। ফলত মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে। উল্লেখযোগ্য যে কিছুদিনৰ পৰা অঞ্চলটোত প্ৰবল বৰষুণ দি আছে।
ইয়াৰ বাবেই নদীখনৰ জলপৃষ্ঠ বৃদ্ধি পাইছে। দুৰ্ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে। আনহাতে, সোমবাৰে জম্মু-কাশ্মীৰ ৰাষ্ট্ৰীয় ঘাইপথত ধাৰাবাহিক বৰষুণৰ বাবে ভূমিস্খলনৰ ঘটনা সংঘটিত হয়। সম্প্ৰতি পথটো বন্ধ হৈ আছে। সকলোকে সেই পথটো পৰিহাৰ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।