ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বঙাইগাঁৱত অগপৰ সতীৰ্থ সন্মিলনত নোলাল ‘কা’ৰ প্ৰসংগ : আছুৰ ক’লা পতাকা প্ৰদৰ্শন

ASSAM TIMES POST by ASSAM TIMES POST
January 6, 2020
Reading Time: 1 min read
A A
0
বঙাইগাঁৱত অগপৰ সতীৰ্থ সন্মিলনত নোলাল ‘কা’ৰ প্ৰসংগ : আছুৰ ক’লা পতাকা প্ৰদৰ্শন

0 1 e1574345654996 | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

বিশেষ প্ৰতিবেদক

দেওবাৰে বঙাইগাঁৱৰ বৰপাৰা ৰাজহুৱা খেলপথাৰত অসম গণ পৰিষদৰ জিলাখনৰ তিনিটা সমষ্টিৰ এখন সতীৰ্থ সন্মিলন অনুষ্ঠিত হয়৷ সনিমিলত অংশগ্ৰহণ কৰি অগপৰ সভাপতি অতুল বৰাই কয়, “অসম চুক্তিৰ যিটো মূল আত্মা অৰ্থাৎ ছয় নং দফাটো ভালদৰে ৰূপায়িত কৰা হওক৷ কাৰণ আমি সকলোৱে জানো যে চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা অহা বিদেশীৰ অবৈধ প্ৰব্ৰজনে খিলঞ্জীয়াৰ অস্তিত্বলৈ কিদৰে সংকট সৃষ্টি কৰিছে৷ যাৰ বাবে আমাক ৰক্ষাকৱচ দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল অসম চুক্তিৰ জৰিয়তে৷ কিন্তু দিল্লীৰ কোনো এখন চৰকাৰে চুক্তিৰ যিটো মূল দফা এই দফাটো কাৰ্যকৰী কৰিবৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে৷”

তাৎপৰ্যপূৰ্ণভাৱে ৰাজ্যখনত চলি থকা ‘কা’বিৰোধী আন্দোলনৰ কথা এবাৰো উচ্চাৰণ নকৰা দলীয় সভাখনত অগপ দলৰ সভাপতি বৰাই কয়, “বৰ্তমান সময়ত আমি দেখিছো যে মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে জাতিৰ ৰক্ষাকৱচ হিচাপে চুক্তিৰ ছয় নং দফা কাৰ্যকৰী কৰিবৰ কাৰণে আগবাঢ়ি আহিছে আৰু বিপ্লৱ শৰ্মাৰ নেতৃত্বত এখন কমিটি গঠন কৰি দিছে৷ আমি বিচাৰোঁ কমিটিখনে সোনকালে প্ৰতিবেদন দাখিল কৰক৷ আনহাতে, ইতিমধ্যে আমি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক স্পষ্টভাৱে কৈছোঁ যে আমি পূৰ্বৰ স্থিতি অটুট ৰাখিও ৰাজ্যখনৰ জনসাধাৰণৰ ভাষাৰ সুৰক্ষাৰ কাৰণে, ৰাজনৈতিক অধিকাৰ সাব্যস্ত আৰু সুৰক্ষিত কৰাৰ কাৰণে, ভূমিৰ ওপৰত নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ বাবে দৃঢ় পদক্ষেপ গ্ৰহণ কৰিব লাগে৷ আমি বিচাৰোঁ যে ৰাজ্যখনৰ ৯০ শতাংশ বিধানসভা আসন অসমীয়া খিলঞ্জীয়াৰ কাৰণে সংৰক্ষণ কৰা হওক৷ লোকসভাৰ এশ শতাংশ আসন খিলঞ্জীয়াৰ কাৰণে সংৰক্ষণ কৰা হওক৷”

A1 | ASSAM TIMES POST

দলীয় কৰ্মীসকলক উদ্দেশ্যি সভাপতি অতুল বৰাই কয়, “আপোনালোকে আমাৰ ওপৰত বিশ্বাস ৰাখক৷ আমি যি কৰিছোঁ, আমি যি কৰিম, যুক্তিৰ আধাৰত আৰু জাতীয় স্বাৰ্থক জলাঞ্জলি নিদিয়াকৈ কাম কৰিম৷ তাৰ বাবে আমি দৃঢ় প্ৰতিজ্ঞ৷ যিয়ে যি বিশেষণেৰে নামাতক কিয় মাতি থাকক৷”

দলটোৰ সম্পাদক তথা প্ৰাক্তন বিধায়ক ভূপেন ৰায়ে আঁতধৰা আৰু উদ্দেশ্য ব্যাখ্যা কৰা সতীৰ্থ সন্মিলনখনত কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই নিজৰ বক্তব্যত কয়, “এইখন অসম ৰজা নৰনাৰায়ণৰ দিনৰ অসম, চিলাৰায়ৰ অসম, চাওলুং চ্যুকাফাৰ অসম আৰু ইয়াত থকা চুতীয়া, মৰান,মটককে ধৰি আমাৰ ৰাভা,মিছিং বিভিন্ন সময়ৰ বিভিন্ন সৰু সৰু ৰাজ্যৰে বিভক্ত হোৱা এই অসমখন আজি একত্ৰিত হৈয়ে আমি বহুদিনৰ মনত পুহি ৰখা আশা, বহু দিনৰ পৰা থকা দাবী পুনৰ সেই কমতাপুৰত আহি উপস্থিত হৈছো৷ যি কমতাপুৰ আমাৰ দাবী আছিল, যি কমতাপুৰৰ দাবীত আমাৰ বহুদিন আন্দোলন হৈছিল তথা আক্ৰাছুকে ধৰি বিভিন্ন সন্মানীয় সংগঠনে সময়ে সময়ে আন্দোলন কৰিছিল আৰু আমাৰ বঙাইগাঁৱৰ জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীয়ে এইখন চৰকাৰৰ বৰঘৰত থাকি আমাৰ অসম গণ পৰিষদ দলৰ প্ৰস্তাৱ আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাকে ধৰি তেওঁলোকৰ বাবেই পুনৰ আমি কমতাপুৰ ঘূৰাই পাইছোঁ৷ সেইবাবে তেওঁলোকক ধন্যবাদ জনাইছোঁ৷”

A3 | ASSAM TIMES POST

উল্লেখ্য যে চৰকাৰৰ কেবিনেটে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ গঠন কৰাৰ বাবেহে প্ৰস্তাৱ গ্ৰহণ কৰিছে যদিও অগপৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰীগৰাকীয়ে কমতাপুৰ পুনৰ ঘূৰাই পোৱা বুলি কৈ কমতাপুৰ ৰাজ্যৰ দাবীত চলি থকা আন্দোলনৰ যৱনিকা ঘটালে৷ এই মন্তব্যই ইতিমধ্যে বিভিন্নজনৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ অৱশ্যে অগপৰ নেতাগৰাকীৰ মন্তব্যৰ পৰা চৰকাৰে গঠন কৰিবলগীয়া কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ ঘোষণাতে জনগোষ্ঠীটোৰ ৰাইজ তথা সংগঠনসমূহ ৰাজী হৈ বৃহত্তৰ যি কমতাপুৰ ৰাজ্যৰ দাবী জনাই আহিছিল সেই দাবীৰ পৰা আঁতৰি আহিছে নেকি বুলিও প্ৰশ্ন উত্থাপিত হৈছে৷

আনহাতে, সতীৰ্থ সন্মিলনীত অংশগ্ৰহণ কৰি কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতাই কয় যে অসম গণ পৰিষদ দল এটা আঞ্চলিকতাবাদী শক্তি, এটা জাতীয়তাবাদী শক্তি৷ অগপ দলৰ এটা ইতিহাস আছে৷ এই ইতিহাস হ’ল আন্দোলনৰ ইতিহাস৷ এই ইতিহাসে আমাক শিক্ষা দিছে জাতীয় জীৱনক ভাল পাবলৈ৷ বিভিন্ন সময়ত অগপ দলৰ মাজলৈ বিভিন্ন সংকট আৰু প্ৰত্যাহ্বান আহিছে যদিও দলটোক ইমান সহজে কোনো শক্তিয়ে ওভালি পেলাব নোৱাৰে ৷ আমি নেতা-কৰ্মীসকল একত্ৰিত হৈ থাকিলে আমাৰ দলৰ শিপাডাল উভালিব কোনেও নোৱাৰে৷

A2 | ASSAM TIMES POST

আনহাতে, আদৰণী ভাষণত স্থানীয় বিধায়ক তথা মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে কয়, “অসম গণ পৰিষদ এটা ৰাজনৈতিক দল৷ এই দলৰ জন্মৰ ইতিহাস অন্যান্য ৰাজনৈতিক দলৰ ইতিহাসৰ লগত কোনো ধৰণৰ মিল নাই৷ আমাৰ জাতীয়তাবোধ আছে৷ আমি সদায় ৰাজ্যখনৰ উন্নয়নৰ কথা, জনসাধাৰণৰ বিচৰা কথা চিন্তা কৰি আহিছোঁ৷ ইপিনে সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে ‘কা’ক লৈ শক্তি প্ৰদৰ্শন কৰাৰ প্ৰশ্ন নুঠে৷ এইখন হ’ল সতীৰ্থ সন্মিলনহে৷ অৰ্থাৎ এইখন কৰ্মীসভা৷ আমাৰ যি আহ্বান আছে সেয়া তেওঁলোকক জনোৱা হৈছে৷ কোনো শক্তি প্ৰদৰ্শন কৰাৰ কথা আহিব নোৱাৰে৷”

A | ASSAM TIMES POST

সতীৰ্থ সন্মিলনত টীয়ক সমষ্টিৰ বিধায়িকা ৰেণুপমা ৰাজখোৱা, বিধায়ক গুণীন্দ্ৰ নাথ দাস আৰু অসম মহিলা পৰিষদৰ সভানেত্ৰী বৰদা কলিতাই দলীয় কৰ্মীসকলক উদ্দেশ্যি বক্তব্য ৰাখে৷ সতীৰ্থ সন্মিলনত প্ৰাক্তন বিধায়ক মনোৰঞ্জন দাস আদিকে ধৰি কে’বাজনো দলীয় নেতা উপস্থিত থাকে৷ বঙাইগাঁও জিলাৰ অন্তৰ্গত বঙাইগাঁও, উত্তৰ অভয়াপুৰী আৰু দক্ষিণ অভয়াপুৰী সমষ্টি তিনিটাক সাঙুৰি অনুষ্ঠিত সতীৰ্থ সন্মিলনত কেইবা হাজাৰ দলীয় কৰ্মী উপস্থিত থাকে৷ উল্লেখ্য যে সতীৰ্থ সন্মিলনত অগপৰ নেতৃবৃন্দই ‘কা’ সন্দৰ্ভত কোনো কথা উল্লেখেই নকৰি বিষয়টোৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি থাকে৷

ইফালে বঙাইগাঁৱত অসম গণ পৰিষদ দলে আয়োজন কৰা সতীৰ্থ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ অহা দলটোৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্তকে ধৰি দলটোৰ নেতাসকলক আছু কৰ্মীসকলে ক’লা পতাকা প্ৰদৰ্শন কৰে৷ উল্লেখ্য যে বঙাইগাঁও আছুৱে সংগঠনটোৰ জিলা মুখ্য কাৰ্যালয় চৌহদত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত প্ৰতিবাদী অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰিছিল৷ অগপ নেতৃবৃন্দ যেতিয়া দলীয় সভালৈ বাহনেৰে আহিছিল সেই সময়তে আছু কৰ্মীসকলে কাৰ্যালয়ৰ সন্মুখত তেওঁলোকৰ কনভয়লৈ ক’লা পতাকা প্ৰদৰ্শন কৰাৰ লগতে অগপ গ’ বেক, অতুল বৰা মুৰ্দাবাদ, ফণীভূষণ চৌধুৰী হুঁচিয়াৰ, কেশৱ মহন্ত হুঁচিয়াৰ, ‘কা’ আমি নামানো, ‘কা’ বাতিল কৰক আদি বিভিন্ন শ্লোগানো দিয়ে৷

Tags: Featured
Share4Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
ADVERTISEMENT
KAAC Budget session 2026 : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশন আৰম্ভ
DIPHU

KAAC Budget session 2026 : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশন আৰম্ভ

August 3, 2026
50
Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড
Assam

Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড

August 3, 2026
50
Bihar rape case : ধৰ্ষণৰ অভিযোগকাৰী মহিলাক থু চেলেকালে পঞ্চায়তে
National-International

Bihar rape case : ধৰ্ষণৰ অভিযোগকাৰী মহিলাক থু চেলেকালে পঞ্চায়তে

August 3, 2026
50
Kerala rains death toll : কেৰালাত ধাৰাসাৰ বৰষুণত ১৫ জনৰ মৃত্যু, নিৰুদ্দেশ ৭
National-International

Kerala rains death toll : কেৰালাত ধাৰাসাৰ বৰষুণত ১৫ জনৰ মৃত্যু, নিৰুদ্দেশ ৭

August 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

KAAC Budget session 2026 : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশন আৰম্ভ

KAAC Budget session 2026 : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশন আৰম্ভ

August 3, 2026
Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড

Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড

August 3, 2026
Bihar rape case : ধৰ্ষণৰ অভিযোগকাৰী মহিলাক থু চেলেকালে পঞ্চায়তে

Bihar rape case : ধৰ্ষণৰ অভিযোগকাৰী মহিলাক থু চেলেকালে পঞ্চায়তে

August 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx