অসম-নাগালেণ্ড (Assam-Nagaland) সীমান্তৱৰ্তী খটখটীত যোৱানিশা আৰু আজি দুই পৃথক অভিযানত আৰক্ষীয়ে বুজন পৰিমাণৰ নকল নোট আৰু হেৰʼইন জব্দ কৰিবলৈ সক্ষম হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, এক বিশেষ সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত আজি দিনৰ প্ৰায় ১১.৩০ বজাত খটখটী থানাৰ অন্তৰ্গত বালিজান খান বস্তিত আৰক্ষীয়ে এক বিশেষ তালাচী অভিযান চলায়।
উক্ত অভিযানৰ সময়তে ডিমাপুৰৰ দিশৰ পৰা কাৰাগাঁৱৰ দিশে আহি থকা এন এল-০৭-এফ এ-৩৪০৩ নম্বৰৰ অটোৰিক্সাত তালাচী চলাই দুটা চাবোনৰ বাকচত লুকুৱাই অনা অৱস্থাত ২৪.৭০ গ্ৰাম হেৰʼইন জব্দ কৰিবলৈ সক্ষম হয়। এটা ঊলৰ টুপীৰ ভিতৰত কʼলা ৰঙৰ পলিথিনৰে মেৰিয়াই অনা হৈছিল। এই সন্দৰ্ভত আৰক্ষীয়ে নগাঁও জিলাৰ কচুৱাৰ নাজিৰ হুছেইন (২৮) নামৰ অটোৰিক্সা চালকজনক আটক কৰি তদন্ত অব্যাহত ৰাখিছে।
আনহাতে, যোৱানিশা প্ৰায় ৮.৫০ বজাত খটখটীত নিয়মীয়া তালাচীৰ সময়তে আৰক্ষীয়ে এএছ-০১-জেচি-৭৩৪৫ নম্বৰৰ ১২ চকীয়া ট্ৰাকখনত তালাচী চলাই ১০০৫০০ টকাৰ পাঁচশ টকীয়া জালনোট জব্দ কৰে। এই সন্দৰ্ভত আৰক্ষীয়ে মহম্মদ ছাজিদ খান নামৰ ট্ৰাকখনৰ চালকজনক আটক কৰি তদন্ত অব্যাহত ৰাখিছে।